দৰং, 25 জুন : পুনৰ বিতৰ্কৰ মাজত সোমাই পৰিছে মঙলদৈ অসামৰিক চিকিৎসালয় (Mangaldoi civil hospital)। বিতৰ্কই যেন পিছ নেৰা হৈছে চিকিৎসালয়খনক । কেতিয়াবা যদি ব্লাড বেংক বিতৰ্ক, আকৌ কেতিয়াবা নৱজাতকৰ সাল সলনিৰ ঘটনা পোহৰলৈ আহিছে । এইবাৰো আকৌ নৱজাতক সলনি হোৱাৰ অভিযোগ উঠিছে চিকিৎসালয় খনৰ বিৰুদ্ধে । ভুক্তভোগী পৰিয়ালে জানিব দিয়া অনুসৰি দুদিন পূৰ্বে অৰ্থাৎ বুধবাৰে মঙলদৈ গৰাপৰি গাঁৱৰ আচমা বেগম নামৰ মহিলাগৰাকীক ভৰ্তি কৰোৱা হৈছিল মঙলদৈ অসামৰিক চিকিৎসালয় (Mangaldoi civil hospital)ত ।
প্ৰথমতে চিকিৎসালয় কৰ্তৃপক্ষই পুত্ৰ সন্তান জন্ম হোৱা বুলি কৈছিল পিতৃ-মাতৃক । তাৰপাচতে মহিলাগৰাকীয়ে সন্তান জন্ম দিয়াত চিকিৎসালয়ৰ নাৰ্চে পুত্ৰ সন্তান জন্ম হোৱা বুলি খবৰ দি কাগজত চহী কৰাই লৈছিল । নৱজাতকটোক ৰখা হৈছিল বেবী কেয়াৰ ৰুমত । কিন্তু তেতিয়াহে অথন্তৰ লাগে যেতিয়া মাতৃ গৰাকীয়ে বৃহস্পতিবাৰে গাখীৰ খুৱাবলৈ লওঁতে দেখে সন্তানটি কন্যা সন্তান । সম্প্ৰতি সন্তানটিৰ পিতৃ আজিম আলি আৰু মাতৃ আচমা বেগমৰ অভিযোগ কৰা অনুসৰি সাল সলনি কৰা হৈছে তেওঁলোকৰ সন্তান ।