দৰং, 19 মে’: দেশত ভয়াৱহ ৰূপ ধাৰণ কৰিছে মহামাৰী ক’ৰণাই ৷ দেশৰ বিভিন্ন প্ৰান্তৰ দৰে অসমটো প্ৰতিদিনে ক’ৰণাত আক্ৰান্ত লোকৰ মৃত্যুৰ সংখ্যা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ৷ তাৰমাজতে মঙলদৈত সংঘটিত হৈছে এক হৃদয় বিদাৰক ঘটনা ৷
ক’ভিডত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সৎকাৰৰ বাবে ভৰিব লগা হৈছে 20 পৰা 30 হাজাৰ পৰ্যন্ত টকা ৷ টকা নাপালে সৎকাৰ নকৰে ক’ভিডত মৃত্যু হোৱা ব্যক্তিৰ মৃতদেহ ।
উল্লেখযোগ্য যে, যে দৰং জিলাৰ বৰদৌলগুৰিৰ গোপাল ডেকা নামৰ (৬২) ব্যক্তিজন ক’ভিড আক্ৰান্ত হৈ মৃত্যু বৰণ কৰিছিল । তাৰপিছতে ব্যক্তি গৰাকীৰ মৃতদেহটো সৎকাৰক লৈ বিপদত পৰে পৰিয়াল ৷ কিয়নো মৃত দেহটো সৎকাৰৰ বাবে চিকিৎসালয়ত চাফাই কৰ্মীৰ সৈতে দৰদাম কৰিবলগীয়া হৈছে দুৰ্ভগীয়া পৰিয়ালটোৱে ।