দৰঙ, 6 মাৰ্চ:অগপ ত্যাগ কৰি পৰমানন্দ ৰাজবংশীয়ে বিজেপিত যোগদান কৰাৰ লগে লগে ক্ষোভিত হৈ পৰিছে ছিপাঝাৰ সমষ্টিৰ বিজেপিৰ কৰ্মকৰ্তা সকল ৷ ছিপাঝাৰ বিধানসভা সমষ্টিত ৰাজবংশীক বিজেপিৰ প্ৰাৰ্থীত্ব প্ৰদানক কেন্দ্ৰ কৰি শনিবাৰে সমষ্টিটোৰ বিজেপিৰ একাংশ কৰ্মকৰ্তাই এক প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱা পৰিলক্ষিত হয় ৷
ছিপাঝাৰৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথত বিজেপি কৰ্মী সকলে ৰাজবংশীৰ বিৰুদ্ধে বিভিন্ন প্ৰতিবাদী শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে ৷ 'পৰমানন্দ হায় হায়', 'পৰমানন্দ গ' বেক', 'কোনো কাৰণতে পৰমানন্দক নামানো' ইত্যাদি বিভিন্ন প্ৰতিবাদী শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি সমষ্টিটোত পৰমানন্দ ৰাজবংশীক টিকট প্ৰদান কৰিলে ভোট বৰ্জন কৰিব বুলিও বিজেপি কৰ্মী সকলে হুংকাৰ দিয়ে ৷