দৰং, 15 জুন :দৰঙত আৰক্ষীয়ে আটক কৰিছে এগৰাকী বিজেপি কৰ্মীক ৷ ফেচবুকত বিতৰ্কিত মন্তব্য কৰাৰ বাবেই আটক কৰা হৈছে দলগাঁও আঞ্চলিক পঞ্চায়তৰ সদস্য ৰেকিবুৰ ৰহমানক (BJP leader's controversial Facebook post) ৷ দৰং জিলা বজৰং দলৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে আটক কৰিলে বিজেপিৰ কৰ্মীজনক ৷ ৰাম-সীতাক লৈ বিতৰ্কিত মন্তব্য কৰাৰ অভিযোগ ৰেকিবুৰ ৰহমানৰ বিৰুদ্ধে (Controversial post on Lord Ram) ৷ বিজেপি দলৰ সদস্য ৰেকিবুৰ ৰহমান ৰাজ্যিক হজ কমিটীৰো সদস্য বুলি জানিব পৰা গৈছে ।
উল্লেখযোগ্য যে, নিজৰ ফেচবুক একাউন্টযোগে ৰেকিবুৰে আপলোড কৰিছিল এটা আপত্তিজনক পোষ্ট ৷ তেওঁ লিখিছিল, ‘‘ভগৱান ৰামে সীতাক ৬ বছৰ বয়সতে বিয়া কৰাইছিল, প্ৰফেট মহম্মদেও ৬ বছৰীয়া ছোৱালী বিয়া কৰাইছিল, খেলা ড্ৰ’’ । এই পোষ্ট ভাইৰেল হোৱাৰ পাচতে দৰং জিলা বজৰং দলৰ বিষয়-ববীয়াই থানাত এজাহাৰ দাখিল কৰে ৰেকিবুৰৰ বিৰুদ্ধে ৷ আনৰ ধৰ্মীয় অনুভূতিত আঘাত হানিব পৰা এনে পোষ্ট দিয়াৰ বাবে আৰক্ষীয়ে সোধা-পোছাৰ বাবে আটক কৰে ৰেকিবুৰক (BJP leader detained) ৷