অসম

assam

By

Published : Oct 17, 2019, 9:34 PM IST

ETV Bharat / state

ৰাজ্যজুৰি আৰম্ভ বিজেপিৰ গান্ধী সংকল্প যাত্ৰা

জাতিৰ পিতা মহাত্মা গান্ধীৰ 150 বছৰীয়া জন্মজয়ন্তী উপলক্ষে দেশজুৰি গেৰুৱা দলৰ পদযাত্ৰা কাৰ্যসূচী ৷

ৰাজ্যজুৰি আৰম্ভ বিজেপিৰ গান্ধী সংকল্প যাত্ৰা

নিউজ ডেস্ক,17 অক্টোবৰ: জাতিৰ পিতা মহাত্মা গান্ধীৰ 150 বছৰীয়া জন্মজয়ন্তী উপলক্ষে সমগ্ৰ দেশৰ লগতে ৰাজ্যতো বৃহস্পতিবাৰৰ পৰা আৰম্ভ হল বিজেপিৰ "গান্ধী সংকল্প যাত্ৰা" শীৰ্ষক পদযাত্ৰা কাৰ্যসূচী ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত গেৰুৱা দলটোৰ নেতা কৰ্মীয়ে মিলি ৰূপায়ণ কৰা এই কাৰ্যসূচীত দেখা গৈছে ৰাইজৰ ব্যাপক অংশগ্ৰহণ ৷ দৰং জিলাৰ দলগাঁৱত বৃহস্পতিবাৰে মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াৰ নেতৃত্বত উলিওৱা হয় এই গান্ধী সংকল্প যাত্ৰা ৷ খাৰুপেটীয়াৰ জয়ন্তী নগৰৰ পৰা সাংসদ গৰাকীয়ে শুভাৰম্ভ কৰা এই কাৰ্যসূচী খাৰুপেটীয়া, দলগাঁও হৈ 10 কি:মি পথ অতিক্ৰম কৰি সংখ্যালঘু বসতিপ্ৰধান অঞ্চল কোনাকাটা পাৰা গাঁৱত উপস্থিত হৈ সাংসদগৰাকীয়ে কোনাকাটা পাৰা প্ৰাথমিক বিদ্যালয় প্ৰাংগণত গছ পুলি ৰোপণ কৰি ৰাইজক উদ্দেশ্যি নিজৰ ভাষণ প্ৰদান কৰে ৷ এই যাত্ৰাত তেওঁক সহযোগ কৰে স্থানীয় বিধায়ক গুৰুজ্যোতি দাসৰ লগতে জিলা বিজেপি সভানেত্ৰী নীলিমা দেৱী আৰু শতাধিক বিজেপি নেতা কৰ্মীয়ে ৷ সংকল্প যাত্ৰাৰ উদ্বোধনী ভাষণত সাংসদ দিলীপ শইকীয়াই মহাত্মা গান্ধীৰ সপোন বাস্তৱত পৰিণত কৰি দেশ গঢ়াৰ বাবে আগবাঢ়ি আহিবলৈ ৰাইজক আহ্বান জনাই ৷

জাতিৰ পিতা মহাত্মা গান্ধীৰ 150 বছৰীয়া জন্মজয়ন্তী উপলক্ষে দেশজুৰি গেৰুৱা দলৰ পদযাত্ৰা কাৰ্যসূচী

ইফালে, ডিব্ৰুগড়তো সাংসদ ৰামেশ্বৰ তেলীৰ নেতৃত্বত নাহৰকটীয়া বিজেপিয়ে গান্ধী সংকল্প যাত্ৰাৰ আয়োজন কৰে ৷ নাহৰকটীয়াৰ পৰা নামৰূপলৈকে উলিওৱা এই সংকল্প যাত্ৰাত সাংসদগৰাকীয়ে নাহৰকটীয়াৰ বিভিন্ন অঞ্চল পৰিভ্ৰমণ কৰি প্ৰায় ১৬ কিঃমিঃ পথ খোজ কাঢ়ে ৷ এই যাত্ৰাত তেওঁক সংগ দিয়ে দুলীয়াজানৰ বিধায়ক তেৰছ গোৱালাৰ লগতে শতাধিক বিজেপি নেতা কৰ্মীয়ে ৷ এই সংকল্প যাত্ৰাৰ মাজে মাজে সাংসদ তেলীয়ে স্বচ্ছতাৰ অভিযান আৰু প্লাষ্টিক মুক্ত ভাৰত গঢ় দিবলৈ ঠাইে ঠাইে ৰাইজৰ মাজত সজাগতা সভাও অনুষ্ঠিত কৰে ৷

ৰাজ্যত আৰম্ভ বিজেপিৰ গান্ধী সংকল্প যাত্ৰা

একেদৰে নগাঁও সংসদীয় সমষ্টিৰ লংকাতো বিজেপিয়ে গান্ধী সংকল্প যাত্ৰা কাৰ্যসূচী ৰূপায়ণ কৰে ৷ হোজাইৰ বিধায়ক শিলাদিত্য দেৱৰ নেতৃত্বত দলটোৰ শতাধিক নেতা কৰ্মীয়ে লংকা চহৰৰ লংকেশ্বৰী বাডীৰ পৰা হোজাইৰ চিকাৰীগেটলৈ প্ৰায় ১০ কিঃমিঃ পথ পদযাত্ৰা কৰি এই কাৰ্যসূচী পালন কৰে ৷ সংকল্প যাত্ৰাৰ পথত বিধায়ক শিলাদিত্য দেৱক সংগ দিয়ে জিলা বিজেপিৰ সভাপতি অৰ্জুন মজুমদাৰৰ লগতে নগাঁও সাংসদীয় সমষ্টিৰ গেৰুৱা দলৰ সংযোজক অমিয় দাসে | ইফালে সাংবাদিকৰ আগত গান্ধীজীৰ ৰামৰাজ্যৰ সপোন পূৰণ কৰিবলৈকে এই গান্ধী সংকল্প যাত্ৰাৰ আয়োজন কৰিছে বুলি বিধায়ক শিলাদিত্য দেৱে মন্তব্য কৰে |

শিলাদিত্য দেৱৰ নেতৃত্বত লংকাত বিজেপিৰ সংকল্প যাত্ৰা

ABOUT THE AUTHOR

...view details