অসম

assam

ETV Bharat / state

বিষ্ণুৰাভা বঁটাৰ বাবে মনোনীত লোকশিল্পী দ্ৰোণ ভূঞা

অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ে দৰঙৰ অনুপম লোক সংস্কৃতি 'সুকনানি ওজাপালি'ৰ বৰেণ্য সাধক দ্ৰোণ ভূঞাক বিষ্ণুৰাভা বঁটাৰ বাবে মনোনীত কৰাত উৎফুল্লিত হৈ পৰিছে দৰংবাসী ৷

bishnu rabha Award to folk artist drorna bhuyan
বিষ্ণুৰাভা বঁটাৰ বাবে মনোনীত লোকশিল্পী দ্ৰোণ ভূঞা

By

Published : Jun 20, 2021, 3:42 PM IST

দৰং, 20 জুন :অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ে প্ৰদান কৰা ২০২০-২১ বৰ্ষৰ বিষ্ণুৰাভা বঁটাৰ বাবে নিৰ্বাচিত হৈছে দৰং জিলাৰ ছিপাঝাৰৰ সাতঘৰীয়া গাঁৱৰ নিবাসী তথা দৰঙী কলা-কৃষ্টিৰ অন্যতম বাহক লোকশিল্পী দ্ৰোণ ভূঞা । দৰঙৰ অনুপম লোক সংস্কৃতি 'সুকনানি ওজাপালি'ৰ বৰেণ্য সাধক দ্ৰোণ ভূঞা অসম চৰকাৰৰ বিষ্ণুৰাভা বঁটাৰ বাবে মনোনীত কৰাত স্বাভাৱিকতে উৎফুল্লিত হৈ পৰিছে দৰংবাসী ৷ প্ৰায় দহ বছৰ বয়সৰ পৰাই সুকনানি ওজাপালিৰ স'তে জড়িত হৈ অহা দ্ৰোণ ভূঞাই এই কৃষ্টিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে দীৰ্ঘদিনে কৰি আহিছে নিৰৱচ্ছিন্ন সাধনা তথা সংগ্ৰাম ৷

বিষ্ণুৰাভা বঁটাৰ বাবে মনোনীত লোকশিল্পী দ্ৰোণ ভূঞা

বিভিন্ন সময়ত অসমৰ বিভিন্ন প্ৰান্তৰ লগতে বহিঃৰাজ্যতো সুকনানি ওজাপালি পৰিৱেশন কৰে শিল্পীগৰাকীয়ে ৷ লগতে নিজে গঠন কৰা দলেৰে এই কৃষ্টি পৰিৱেশন কৰি সাংস্কৃতিক মহলত উচ্চ প্ৰশংসিত হৈছে ৷ শনিবাৰে এই খবৰ পোৱাৰ পাচতে দৰঙৰ বিভিন্ন দল-সংগঠনে ভূঞাদেৱে অৰ্জন কৰা এই কৃতিত্ব দৰঙী কলাকৃষ্টিৰ কৃতিত্ব বুলি অভিহিত কৰিছে ।

উল্লেখ্য যে, সুকনানি ওজাপালি আৰু দেওধনী নৃত্যৰ শিল্পী দ্ৰোণ ভূঞাই নৱপ্ৰজন্মকো উদ্বুদ্ধ কৰি আহিছে । ইতিমধ্যে কেইবাটাও সুকনানি ওজাপালিৰ দলৰ লগতে দেওধনী নৃত্যৰ দল জন্ম দিছে শিল্পীগৰাকীয়ে । লোককৃষ্টি 'সুকনানি ওজাপালি'ৰ সাধনাকে জীৱনৰ ব্ৰত হিচাপে সাৰোগত কৰি অহা শিল্পী দ্ৰোণ ভূঞাক এইবেলি অসম চৰকাৰে উপযুক্ত স্বীকৃতি প্ৰদান কৰাত ছিপাঝাৰ তথা দৰংবাসী উৎফুল্লিত হৈ পৰিছে ৷ বিগত বছৰত ডিব্ৰুগড়ৰ কন্দৰ্প নাথ শৰ্মা আৰু ঝৰ্ণা শইকীয়াক এই বঁটাৰে সন্মানিত কৰা হৈছিল ৷

লগতে পঢ়ক:জৰাজীৰ্ণ অৱস্থাত কলাগুৰুৰ সমাধিস্থলী

ABOUT THE AUTHOR

...view details