দৰং,16 এপ্ৰিল: দৰঙত বিশাল বাইক ৰেলীৰে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ সামৰণি পেলায় কংগ্ৰেছে ৷ 8 নং লোকসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী ভুৱনেশ্বৰ কলিতাৰ হৈ বিশাল বাইক ৰেলীত অংশগ্ৰহণ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা, বিৰোধী দলপতি দেবব্ৰত শইকীয়া ,প্ৰাক্তন বিধায়ক বসন্ত দাস , বিস্মিতা গগৈ ,জয়নাথ শৰ্মা আৰু দৰং জিলা কংগ্ৰেছৰ সভানেত্ৰী ৱাহিদা আহমেদ ।
দৰঙত বিশাল বাইক ৰেলীৰে সমাপ্ত কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰ - কংগ্ৰেছ
ৰেলীত অংশ গ্ৰহণ কৰি পোন্ধৰ বছৰ ধৰি বিজেপিৰ দখলত থকা মঙলদৈ সমষ্টিত এইবাৰ 2014 চনৰ নিৰ্বাচনত বিজেপিয়ে লাভ কৰা ভোটতকৈ অধিক ভোটৰ ব্যৱধানত জয়ী হোৱাটো খাটাং বুলি দাবী কৰে কংগ্ৰেছৰ প্ৰাৰ্থী ভুৱনেশ্বৰ কলিতাই ।
দৰঙত বিশাল বাইক ৰেলীৰে সমাপ্ত কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰ
ৰেলীত অংশ গ্ৰহণ কৰি পোন্ধৰ বছৰ ধৰি বিজেপিৰ দখলত থকা মঙলদৈ সমষ্টিত এইবাৰ 2014 চনৰ নিৰ্বাচনত বিজেপিয়ে লাভ কৰা ভোটতকৈ অধিক ভোটৰ ব্যৱধানত জয়ী হোৱাটো খাটাং বুলি দাবী কৰে কংগ্ৰেছৰ প্ৰাৰ্থী ভুৱনেশ্বৰ কলিতাই । আনহাতে, 18 এপ্ৰিলত হ'বলগীয়া লোকসভা নিৰ্বাচনত অসম আৰু অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত সকলোকে কংগ্ৰেছৰ প্ৰাৰ্থীক ভোটদান কৰিবলৈ আহ্বান জনায় প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই ।