দৰং, 12 এপ্ৰিলঃ বিজেপিৰ ষড়যন্ত্ৰৰ বাবেই প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত বিভিন্ন ভোটকেন্দ্ৰৰ ই ভি এম মেচিনত খেলিমেলি হৈছে ৷ দৰঙৰ দিপীলাত মঙলদৈ লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ভুৱনেশ্বৰ কলিতাৰ হৈ প্ৰচাৰ চলাই এটা কাৰ্যালয় মুকলি কৰি এনেদৰে মন্তব্য কৰে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সম্পাদক তথা প্ৰাক্তন বিধায়ক ভূপেন বৰাই ৷ লগতে শৰাইঘাটৰ যুদ্ধৰ নাম লৈ ক্ষমতালৈ আহিলেই 1 কোটি ৭০ লাখ বাংলাদেশীক অসমলৈ আনিবলৈ জাতীয় নায়ক সৰ্বানন্দ সোণোৱাল সাজু হৈছে বুলি মুখ্যমন্ত্ৰীক সমালোচনা কৰে কংগ্ৰেছ নেতাগৰাকীয়ে ৷
বিজেপিৰ ষড়যন্ত্ৰৰ বাবেই ই ভি এমত খেলিমেলি হৈছেঃভূপেন বৰা - বিজেপিৰ ষড়যন্ত্ৰ
দৰঙৰ দিপীলাত মঙলদৈ লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ভুৱনেশ্বৰ কলিতাৰ হৈ প্ৰচাৰ চলাই এনেদৰে এই মন্তব্য কংগ্ৰেছ নেতাগৰাকীৰ
বিজেপিৰ ষড়যন্ত্ৰৰ বাবেই ই ভি এমত খেলিমেলি
ইপিনে বিজেপিৰ ই ভি এম ষড়যন্ত্ৰই অসমৰ ৰাইজৰ সিদ্ধান্ত বদলাব নোৱাৰে বুলিও মন্তব্য কৰে ভূপেন বৰাই ৷