দলগাঁও, 27 জুলাই: খাৰুপেটীয়াৰ ঘেনামাৰী গাঁৱত সংঘটিত হয় এক কৰুণ ঘটনা (Tragic incident at Kharupetia) ৷ খাৰুপেটীয়া আৰক্ষী থানাৰ অন্তৰ্গত ঘেনামাৰী গাৱৰ খুজি মাগি খোৱা তাহেৰ আলী নামৰ লোকজনক নিশা কোনো দুৰ্বৃত্তই হত্যা কৰি পেলাই থৈ যায় গাঁৱখনৰ মাজেৰে যোৱা লালঝুৰা নৈত (Murder cases at Kharupetia) ৷
পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে মঙলবাৰে নিশা কোনো অচিনাকী দুৰ্বৃত্তৰ এটা দলে নিশা তাহেৰ আলীৰ ঘৰত প্ৰৱেশ কৰি বয়বস্তু লণ্ডভণ্ড কৰাৰ লগতে খুজি মাগি দীৰ্ঘদিন ধৰি এটকা দুটকাকৈ জমা কৰা টকাখিনি লুটি নিয়ে (Robbery case at Kharupetia)। ইপিনে বুধবাৰে পুৱা মাছমৰীয়া এজনে নদীত তাহেৰ আলীৰ মৃতদেহ প্ৰত্যক্ষ কৰি পৰিয়ালৰ লোকক খবৰ দিয়ে (Beggar killed by unidentified miscreants) ৷