অগপ নেতা ড৹ জয়নাথ শৰ্মাক তলব দৰং জিলা আয়ুক্তৰ মঙলদৈ, ৭ আগষ্ট:মঙলদৈ মহৰ্ষি বিদ্যা মন্দিৰত ৰাষ্ট্ৰীয় বজৰং দলৰ মুকলি অস্ত্ৰ চালনাৰ সৈতে সাঙোৰ খাই পৰা অগপ নেতা ডঃ জয়নাথ শৰ্মাক সোমবাৰে দৰং জিলাৰ আয়ুক্তই তলব কৰে । সেইমৰ্মে অগপ নেতা ড৹ শৰ্মাই সোমবাৰে আয়ুক্ত কাৰ্যালয়ত উপস্থিত হৈ তেওঁৰ বক্তব্য আগবঢ়ায় । ড৹ শৰ্মাই দিনৰ ১১ বজাত অতিৰিক্ত জিলা আয়ুক্ত নৱদ্বীপ চাংমাইৰ আগত তেওঁৰ বক্তব্য দাঙি ধৰে ।
অতিৰিক্ত জিলা আয়ুক্তৰ আগত নিজৰ বক্তব্য ৰখাৰ পাচত সাংবাদিকৰ আগত নেতাগৰাকীয়ে তেওঁলোক নিৰ্দোষী বুলি উল্লেখ কৰে ৷ সাংবাদিকৰ আগত ড৹ শৰ্মাই কয়, বিদ্যালয়ৰ ভিতৰত সভা-সমিতি পাতিলেও ভাৰতীয় দণ্ডবিধিৰ ১৪৪ ধাৰা ভংগ হয় বুলি আমি জনা নাছিলোঁ বা শুনাও নাই । মঙলদৈ মহৰ্ষি বিদ্যামন্দিৰৰ হৈ তেওঁ ইয়াৰ সৈতে জড়িত ৰাষ্ট্ৰীয় বজৰং দলৰ সকলোকে গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনায় ।
উল্লেখ্য যে, ২৭ জুলাইৰ পৰা ৩০ জুলাইলৈ মঙলদৈ মহৰ্ষি বিদ্যা মন্দিৰত অনুষ্ঠিত হৈছিল ৰাষ্ট্ৰীয় বজৰং দলৰ যোগ প্ৰশিক্ষণ শিবিৰ । উক্ত শিবিৰতেই বজৰং দলে মুকলিকৈ অস্ত্ৰ-প্ৰশিক্ষণ লোৱাৰ ভিডিঅ’ সমগ্র ৰাজ্যজুৰি ভাইৰেল হোৱাৰ পিছতে চাঞ্চল্যৰ সৃষ্টি হয় । মহৰ্ষি বিদ্যালয়ৰ পৰিচালনা সমিতিৰ বাবে গঠিত ট্ৰাষ্টৰ এগৰাকী সদস্য হিচাপে ড৹ জয়নাথ শৰ্মাৰ নাম এই সমগ্ৰ ঘটনাৰ সৈতে সাঙোৰ খাই পৰে ।
ইয়াৰ পাচতেই দৰং জিলা আয়ুক্ত মুনীন্দ্ৰ নাথ ঙাটেই মহৰ্ষি বিদ্যালয়ৰ বিৰুদ্ধে থানাত এজাহাৰ দাখিল কৰে ৷ জিলা আয়ুক্তগৰাকীয়ে বিদ্যালয়খনৰ এগৰাকী ট্ৰাষ্টী হিচাপে অগপ নেতা ডঃ জয়নাথ শৰ্মাক আজি তলব কৰে ।
লগতে পঢ়ক:Bajrang Dal Arms training: মহৰ্ষি বিদ্যালয়ৰ অধ্যক্ষ আৰু প্ৰশাসনিক বিষয়াক আটক