অসম

assam

কংগ্ৰেছ মহাজোঁটৰ চাবি-কাঠি মোৰ হাতত: আজমল

By

Published : Mar 30, 2021, 10:26 AM IST

সোমবাৰে 68 নং দলগাঁও সমষ্টিৰ শিয়ালমাৰীত এআইইউডিএফ-ৰ প্ৰাৰ্থী মজিবুৰ ৰহমানৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে বদৰুদ্দিন আজমলে ৷ এই নিৰ্বাচনী সভাৰ পৰাই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰিলে এআইইউডিএফ প্ৰধান গৰাকীয়ে ৷

‘‘মহাজোঁট বন্ধন চৰকাৰ হ’লে তলা-চাবি মোৰ হাতত থাকিব’’- বদৰুদ্দিন আজমল
‘‘মহাজোঁট বন্ধন চৰকাৰ হ’লে তলা-চাবি মোৰ হাতত থাকিব’’- বদৰুদ্দিন আজমল

দৰং,30 মাৰ্চ: ৰাজ্যত 1 এপ্ৰিলত হ’ব দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া ৷ দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ৰাজনৈতিক নেতা তথা প্ৰাৰ্থীসকল নামি পৰিছে নিৰ্বাচনী যুঁজত ৷ বাদ পৰি ৰোৱা নাই এআইইউডিএফ প্ৰধান বদৰুদ্দিন আজমল ৷ সোমবাৰে 68 নং দলগাঁও সমষ্টিৰ শিয়ালমাৰীত দলীয় প্ৰাৰ্থী মজিবুৰ ৰহমানৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে আজমলে ৷

শিয়ালমাৰীৰ এই নিৰ্বাচনী সভাৰ পৰাই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰিলে আজমলে ৷ এইবাৰ "মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও মুখ্যমন্ত্ৰী হ’ব নোৱাৰে, হিমন্ত বিশ্ব শৰ্মাও মুখ্যমন্ত্ৰী হ’ব নোৱাৰে"- বুলি মন্তব্য কৰে এআইইউডিএফ প্ৰধান বদৰুদ্দিন আজমলে ৷ আনকি ‘King Maker’ কি বুজি নাপায় আজমলে ৷ ৰাজনীতিত ‘King Maker’ নাথাকে, কেৱল মুখ্যমন্ত্ৰীহে থাকে বুলি আজমলে কয় ৷

কংগ্ৰেছ মহাজোঁটৰ চাবি-কাঠি মোৰ হাতত: আজমল

‘‘মহাজোঁটৰ চৰকাৰ হ'লে তলা-চাবি মোৰ হাতত থাকিব’’- বুলিও মন্তব্য কৰে বদৰুদ্দিন আজমলে ৷ আনকি মহাজোঁটৰ চৰকাৰ হ'লে মজিবুৰ ৰহমানক মন্ত্ৰীত্ব দিয়াৰ কথাও প্ৰকাশ কৰিলে আজমলে ৷

লগতে পঢ়ক:আঞ্চলিকতাবাদী চৰকাৰেহে সমাধান কৰিব বড়ো-অবড়োৰ সমস্যা: সুজন দাস

ABOUT THE AUTHOR

...view details