মঙলদৈ, 17 অক্টোবৰ :গৰুখুটিৰ উচ্ছেদত সংঘটিত হোৱা হিংসাত্মক ঘটনাই ইতিমধ্যে, এটা মাহৰ অধিক সময় পাৰ কৰিছে ৷ দেওবাৰে দৰঙত উপস্থিত হৈ গৰুখুটিৰ উচ্ছেদিত লোক সকলৰ কাষত থিয় দিলে AIUDF দলৰ নেতা মৌলানা বদৰুদ্দিন আজমল । উচ্ছেদিত লোকৰ কাষত থিয় হৈ দেওবাৰে হুকহুকাই কান্দি উঠিল বদৰুদ্দিন আজমলে । এই উচ্ছেদৰ দৰে যাতে পুনৰ ক’তো কোনো ঠাইতে উচ্ছেদ নহয় তাৰে কামনা কৰে এই ইউ ডি এফৰ নেতা গৰাকীয়ে ।
উল্লেখযোগ্য যে, এটা ব্যক্তিগত নিমন্ত্ৰণ মৰ্মে মঙলদৈ গৈ দেওবাৰৰ দিনটোত আৱৰ্ত ভৱনত উপস্থিত হৈছিল AIUDF ৰ সভাপতি বদৰুদ্দিন আজমল । ইয়াৰ পিছতে তেওঁ গৰুখুটিৰ উচ্ছেদৰ ঘটনাত আহত আৰু নিহত লোক সকলৰ পৰিয়াল সমূহক সাক্ষাৎ কৰে । পৰিয়াল সমূহক সাক্ষাৎ কৰি তেওঁ নিহত লোকৰ পৰিয়াললৈ নগদ 2 লাখ টকা আৰু আহত সকলৰ পৰিয়াললৈ 10 হাজাৰ টকাকৈ সাহাৰ্য প্ৰদান কৰে ।