দৰং,18 মাৰ্চ: দৰং জিলাৰ দলগাঁও সমষ্টিৰ এআইইউডিএফ-ৰ প্ৰাৰ্থী মজিবুৰ ৰহমানৰ হৈ বৃহস্পতিবাৰে নিৰ্বাচনী প্ৰচাৰ চলাই দলটোৰ সভাপতি বদৰুদ্দিন আজমলে । সমষ্টিটোৰ অন্তৰ্গত খাৰুপেটীয়া মহাবিদ্যালয়ৰ খেলপথাৰৰ পৰা এক সমদল কৰি বাহাবাৰি হৈ নেপালী বজাৰত এখন সভা অনুষ্ঠিত কৰা হয় ৷
নিৰ্বাচনী সভাখনত ভাষণ প্ৰদান কৰি আজমলে কয় যে, ‘‘এইবাৰ অসমত মহাজোঁটৰ চৰকাৰ হ’ব । চৰকাৰ আহিলে 5 লাখ নিবনুৱাক কৰ্ম সংস্থাপন দিব । চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰাৰ লগতে গৃহিণীক মাহে 2000 টকাকৈ দিয়া হ’ব’’ ৷