অসম

assam

Awareness Rally in Darrang : দৰং জিলাত চলিত বৰ্ষৰ দুৰ্ঘটনাত ৬৯ গৰাকীৰ মৃত্যু, ১৮১ গৰাকী আহত

By

Published : Nov 6, 2022, 8:45 AM IST

দৰং জিলা পৰিবহন বিভাগৰ পথ সজাগতা ৰেলী ৷ জিলাখনত বৃদ্ধি পাইছে পথ দুৰ্ঘটনাৰ সংখ্যা ৷ চলিত বছৰতে ২১৩ টা পথ দুৰ্ঘটনা সংঘটিত হোৱাৰ লগতে উক্ত দুৰ্ঘটনাত ৬৯ গৰাকী লোকৰ মৃত্যু আৰু ১৮১ গৰাকী লোক আহত হৈছে (Road accident in Darrang)৷

Awareness Rally in Darrang
দৰং জিলা পৰিবহন বিভাগৰ পথ সজাগতা ৰেলী

মঙলদৈ, 6 নৱেম্বৰ : দৰং জিলাত সঘনে সংঘটিত হৈছে পথ দুৰ্ঘটনা (Road accident in Darrang)। বিশেষকৈ জিলাখনৰ মাজেৰে যোৱা ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ(National Highway 15) আৰু ৰাজ্যিক পথসমূহত ভয়াৱহভাৱে বৃদ্ধি পাইছে পথ দুৰ্ঘটনা ।

সেই অনুসৰি চলিত বৰ্ষৰ অক্টোবৰ মাহলৈকে জিলাখনত ২১৩ টা পথ দুৰ্ঘটনা সংঘটিত হৈছে আৰু মৃত্যু হৈছে ৬৯ জন লোকৰ । আনহাতে, আহত হৈছে ১৮১ জন লোকৰ । সেইদৰে বিগত ২০২১ বৰ্ষতো ১৮৪ টা পথ দুৰ্ঘটনা সংঘটিত হোৱাৰ লগতে ৫৫ গৰাকী লোকৰ মৃত্যু হৈছিল । বিগত বৰ্ষত আহত হৈছিল ১৭২ জন লোকৰ । এই পথ দুৰ্ঘটনা ৰোধৰ বাবে দৰং জিলা প্ৰশাসন আৰু জিলা পৰিবহন বিভাগে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে (Darrang District Transport Department)।

দৰং জিলা পৰিবহন বিভাগৰ পথ সজাগতা ৰেলী

সেই অনুসৰি শনিবাৰে জিলা পৰিবহন বিভাগৰ উদোগত মঙলদৈত অনুস্থিত হয় পথ সুৰক্ষা সজাগতা ৰেলী (Awareness rally on road safety in Darrang)। মঙলদৈ চহৰৰ জিলা পৰিবহন বিভাগৰ কাৰ্যালয়ৰ সন্মুখৰ পৰা এই মটৰ চাইকেল ৰেলী উলিওৱা হয় । দিনৰ ১১ বজাত আৰম্ভ কৰা উক্ত ৰেলীৰ ফ্লেগ অফ কৰে জিলা উপায়ুক্ত প্ৰণৱ কুমাৰ শৰ্মা, ডিটিঅ’ গৌতম কুমাৰ দাস আৰু আৰক্ষী অধীক্ষক প্ৰশান্ত শইকীয়াই (SP Prasanta Saikia)।

উক্ত ৰেলীৰ জড়িয়তে পথ সুৰক্ষা সজাগতা সম্পৰ্কে সজাগতা সৃষ্টিৰ বাবে বিভিন্ন শ্ল’গান ৰাইজৰ মাজলৈ নিয়াৰ প্ৰয়াস কৰা হয় । জিলা পৰিবহন বিষয়া গৌতম কুমাৰ দাসে আঁতধৰা উদ্বোধনী অনুষ্ঠানত জিলা উপায়ুক্ত প্ৰণৱ কুমাৰ শৰ্মাই(Darrang district DC) বক্তব্য আগবঢ়াই পথ দুৰ্ঘটনা ৰোধৰ কাৰণে মুখ্যমন্ত্ৰীয়ে সকলো জিলালৈ নিৰ্দেশ দিয়া বুলি জানিবলৈ দিয়ে । তেওঁ কয় যে, অহা ছমাহৰ ভিতৰত কেনেকৈ ৰাইজক সজাগ কৰি পথ দুৰ্ঘটনা কমাব পাৰি তাৰে উদেশ্যৰে এই ৰেলী কৰা হৈছে ।

উপায়ুক্তগৰাকীয়ে ৰাইজক যান-বাহন আইন মানি চলাৰ লগতে সুৰক্ষিত যাত্ৰা কৰিবলৈ আহ্বান জনায় । বিশেষকৈ বাইকত দুয়োজনেই হেলমেট পৰিধান কৰা, গাড়ীত চিটবেল্ট লগোৱা, গাড়ী চলোৱাৰ সময়ত মোবাইল ফোন ব্যৱহাৰ নকৰা, বেছি স্পীডত গাড়ী নচলোৱা আদিৰ বাবে ৰাইজক আহ্বান জনায় (Traffic rules to ensure safety)।

লগতে পঢ়ক :3 Police reserve closed: নগাঁৱৰ 3 আৰক্ষী বিষয়াক ৰিজাৰ্ভ ক্ল'জ

ABOUT THE AUTHOR

...view details