মঙলদৈ, 9 মে' : বাংলাদেশৰ কাৰাগাৰত বন্দী জীৱন কটাইছে এজন অসমীয়াই ৷ সুদীৰ্ঘ তিনিবছৰে বাংলাদেশৰ কাৰাগাৰৰ কুঠৰীত বন্দী হৈ আছে মঙলদৈৰ কেওটপাৰাৰ মুকুল হাজৰিকা নামৰ লোকজনে ৷
বাংলাদেশত বন্দী দৰঙৰ মুকুল হাজৰিকা - bangladesh jail
বাংলাদেশৰ ঢাকাস্থিত ভাৰতীয় উচ্চায়ুক্ত বিশ্বদীপ দে'য়ে লোকজন বাংলাদেশৰ এটা কাৰাগাৰত বন্দী হৈ থকাৰ বিষয়ে বিগত 5 মে'ত পত্ৰযোগে অসম চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক সচিবক জনায় ৷ অৱশ্যে কি কাৰণত দৰঙৰ এই লোকজনক বাংলাদেশৰ কাৰাগাৰত বন্দী কৰোৱা হ'ল বৰ্তমানলৈ জানিবলৈ সক্ষম হোৱা নাই অসম আৰক্ষী৷
তিনিবছৰৰ পূৰ্বে মঙলদৈৰ জনাৰাম চৌকাৰ সমীপৰ কেওটপাৰাৰ পৰা নিৰুদ্দেশ হৈছিল তিনিসন্তানৰ পিতৃ মুকুল হাজৰিকা ৷ বহু বিচাৰ-খোচাৰ কৰাৰ অন্ততো পৰিয়ালৰ লোকে শুংসূত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাছিল লোকজনৰ ৷ উপায়ন্তৰ হৈ আৰক্ষীৰ কাষ চাপিছিল নিৰুদ্দিষ্ট মুকুল হাজৰিকাৰ পিতৃ ফুলেশ্বৰ হাজৰিকা ৷ কিন্তু আৰক্ষীয়েও দিব পৰা নাছিল যুৱকজনৰ কোনো সন্ধান ৷
কিন্তু বাংলাদেশৰ ঢাকাস্থিত ভাৰতীয় উচ্চায়ুক্ত বিশ্বদীপ দে'য়ে লোকজন বাংলাদেশৰ এটা কাৰাগাৰত বন্দী হৈ থকাৰ বিষয়ে বিগত 5 মে'ত পত্ৰযোগে অসম চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক সচিবক জনায় ৷ অৱশ্যে কি কাৰণত দৰঙৰ এই লোকজনক বাংলাদেশৰ কাৰাগাৰত বন্দী কৰোৱা হ'ল বৰ্তমানলৈ জানিবলৈ সক্ষম হোৱা নাই অসম আৰক্ষী৷