দৰং, 29 আগষ্ট: দৰং জিলাৰ পিপৰাদোকানৰ এজন যুৱকে এইবাৰ উদ্ভাৱন কৰি উলিয়াইছে গোবৰ গেছেৰে চালিত এখন বাহন । প্ৰসন্ন ডেকা নামৰ যুৱকজনে 2019 বৰ্ষৰ আৰম্ভণিতে নিৰ্মাণ কৰি উলিাইছিল পানীৰে চলিব পৰা এখন বিশেষ গাড়ী ।
এই সফলতাৰ পাচতেই বৰ্তমান তেওঁ গোবৰ গেছৰ লগতে গছৰ পাতৰ দ্বাৰা চলিব পৰা বাহন এখনৰ উদ্ভাৱনৰ কামত নিজকে নিয়োজিত কৰি ৰাখিছে ।
উল্লেখ্য যে, গোবৰ গেছ চালিত বাহন খনত তিনিৰ পৰা চাৰিজন যাত্ৰী কঢ়িয়াব পৰা ক্ষমতা থাকিব । ইন্ধনৰ ব্যাপক মূল্যবৃদ্ধি তথা প্ৰাকৃতিক সম্পদ সমূহৰ নাটনিৰ সময়তে দৰঙৰ এই যুৱকজনৰ প্ৰচেষ্টাই কঢ়িয়াইছে আশাৰ ৰেঙনি ।
কোনো আই টি আই অথবা অন্য অভিযান্ত্ৰিক প্ৰশিক্ষণ নোলোৱা যুৱকজনৰ সফলতাই ৰাইজৰ লগতে নামী-দামী গাড়ীৰ প্ৰতিষ্ঠান সমূহৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ হবলৈ সক্ষম হ‘বনে ? সেয়া এক ডাঙৰ প্ৰশ্ন !
গোবৰ গেছেৰে চালিত বাহনঃ আঁৰত দৰঙৰ যুৱক উল্লেখ্য যে, বৰ্তমান নিৰ্মাণ কৰি থকা গাড়ীখন অহা সপ্তাহতে বা অনাগত 15 দিনৰ ভিতৰত সম্পূৰ্ণ সাজু হৈ পথলৈ আহিব বুলি আশা প্ৰকাশ কৰিছে উদ্ভাৱক প্ৰসন্ন ডেকাই ।
লগতে পঢ়ক : বাটাবাৰী সংৰক্ষিত বনাঞ্চলত বনৰীয়া হাতীৰ অৰ্ধগলিত মৃতদেহ উদ্ধাৰ