তেজপুৰ, ২৮ মাৰ্চঃ তেজপুৰ চহৰত সংঘটিত হ'লদুটাকৈ নৃশংস হত্যাকাণ্ড ৷ এফালে হত্যাকাণ্ডৰ বলি এজন যুৱক, আনফালে পৰিত্যক্ত অৱস্থাত উদ্ধাৰ এগৰাকী মহিলাৰ মৃতদেহ ৷তেজপুৰৰ দাঁতিকাষৰীয়া বালিশিহা গোধাগাঁৱত উদ্ধাৰ হয় এজন যুৱকৰ মৃতদেহ ৷ মুখমণ্ডলসহ মূৰৰ ওপৰৰ অংশ ভাঙি অতি নিৰ্মমভাৱে হত্যা কৰা হৈছে যুৱকজনক ৷ যুৱকজনৰ নাম ময়লা আটিৰ মহেশ বৰা বুলি জানিব পৰা গৈছে ৷ ঘটনা সন্দৰ্ভত পোৱা তথ্য অনুসৰি ট্ৰেক্টৰৰ যোগালি কাম কৰা মহেশে নিশা দুই বন্ধুৰ স'তে গোধাগাঁওত সুৰাপান কৰিবলৈ যায় ৷ পৰৱৰ্ত্তী সময়ত কিহৰ পৰিণতিতএনেদৰে নৃশংসভাৱে হত্যা কৰা হ'ল মহেশক সেয়া বৰ্তমানেওজানিব পৰা যোৱা নাই ৷
তেজপুৰত সংঘটিত হ'ল দুটাকৈ নৃশংস হত্যাকাণ্ড - sonitpur murder
উদ্ধাৰ এজন যুৱকৰ মৃতদেহ আৰু এগৰাকী ৫০ উৰ্ধৰ মহিলাৰ অচিনাক্ত মৃতদেহ
তেজপুৰত সংঘটিত দুটাকৈ নৃশংস হত্যাকাণ্ড
আনহাতে, নিজ-বিহগুৰিৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত পুৱা উদ্ধাৰ হয় এগৰাকী ৫০ উৰ্ধৰ অচিনাকী মহিলাৰ মৃতদেহ ৷ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত পৰিত্যক্ত অৱস্থাত মহিলাৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্যৰ সৃষ্টি হয় যদিও পিচত মহিলাগৰাকী মানসিকভাৱে বাধাগ্ৰস্ত মহিলা বুলি অঞ্চলবাসীয়ে চিনাক্ত কৰে ৷ কোনো দ্ৰুতবেগী বাহনৰ খুন্দাত বুধবাৰে নিশা মহিলা গৰাকীৰ মৃত্যু হোৱা বুলি সন্দেহ কৰা হৈছে যদিও তদন্ত অব্যাহত আছে আৰক্ষীৰ ৷