অসম

assam

ETV Bharat / state

গৰুখুটিৰ হিংসা : দৰঙৰ উপায়ুক্ত-আৰক্ষী অধীক্ষকক নিলম্বনৰ দাবী কংগ্ৰেছৰ - eviction

ধলপুৰ কাণ্ডই কঁপাইছে ৰাজ্য ৷ ঘটনাক লৈ চৌদিশে প্ৰতিক্ৰিয়া ৷ কংগ্ৰেছে উত্তপ্ত কৰিলে মঙলদৈ চহৰ ৷ কংগ্ৰেছ সভাপতি ভুপেন বৰাৰ নেতৃত্বত প্ৰতিবাদ ৷ উপায়ুক্ত -আৰক্ষী অধীক্ষকক নিলম্বনৰ দাবী ৷

Assam pradesh congress protest
প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদ

By

Published : Sep 24, 2021, 10:19 PM IST

মঙলদৈ, 24 ছেপ্টেম্বৰ :দৰঙৰ ছিপাঝাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ঐতিহাসিক ধলপুৰত বৃহস্পতিবাৰে সংঘটিত শিহৰণকাৰী ঘটনাৰ উত্তেজনা মাৰ নৌযাওঁতেই শুকুৰবাৰে কংগ্ৰেছে উত্তপ্ত কৰি তোলে মঙলদৈ চহৰ । মঙলদৈ ৰাজীৱ ভৱনৰ পৰা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা , কাৰ্যকৰী সভাপতি ৰাণা গোস্বামী , জাকিৰ হুছেইন শিকদাৰ , কমলাক্ষ দে পুৰকায়স্থ , বিৰোধী দলপতি দেৱব্ৰত শ‌ইকীয়া, উপ দলপতি ৰকিবুল হুছেইন, সাংসদ আব্দুল খালেক, কংগ্ৰেছ বিধায়ক বসন্ত দাস, নুৰুল হুদা, আব্দুৰ ৰছিদ মণ্ডল, জিলা কংগ্ৰেছৰ সভাপতি কামিনী ডেকা, সম্পাদক কন্দৰ্প কলিতা আদিৰ নেতৃত্বত কেইবাশতাধিক কংগ্ৰেছীয়ে সমদল কৰি উপায়ুক্তৰ কাৰ্যালয়ৰ দুৱাৰমূখত বহুসময় ধৰি দিলে ধৰ্ণা ।

প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদ

প্ৰতিবাদকাৰী সকলে ধলপুৰ কাণ্ড নিয়ন্ত্ৰণত ব্যৰ্থ হোৱাৰ অভিযোগ তুলি দৰঙৰ উপায়ুক্ত প্ৰভাতী থাউচেন আৰু আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মাক শীঘ্ৰে নিলম্বনৰ দাবী কৰি ৰাজ্যপাললৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে । কংগ্ৰেছৰ এই প্ৰতিবাদকাৰী সকলৰ পৰা স্মাৰক পত্ৰ গ্ৰহণ কৰে জিলাখনৰ অতিৰিক্ত উপায়ুক্ত সঞ্জীৱ বৰা আৰু মঙলদৈ ৰাজহ চক্ৰ বিষয়া নয়নজ্যোতি পাঠকে । স্মাৰক পত্ৰযোগে ধলপুৰৰ ঘটনাত নিহত আৰু আহত সকলক আৰ্থিক সাহায্য আৰু পুনৰ সংস্থাপনৰ দাবী জনায় কংগ্ৰেছে ।

লগতে পঢ়ক:উচ্ছেদৰ নামত মমতাহীন প্ৰশাসন; লুণ্ঠিত হ'ল মানৱ অধিকাৰ

উল্লেখ্য যে, ধলপুৰৰ উচ্ছেদ স্থলীত হোৱা সংঘৰ্ষত ধলপুৰৰ আব্দুল খালেকৰ পুত্ৰ স্বেখ ফৰিদ (১৪), অগাত আলিৰ পুত্ৰ ছাদ্দাম আলি (২৮), মকবুল আলিৰ পুত্ৰ মইনাল হক(৩৭) আৰু হাৱাল দেৱানীৰ পুত্ৰ জৱান আলি(৪৬) আৰক্ষীৰ গুলিত নিহত হৈছে । আনহাতে উচ্ছেদিত চহৰ আলি, ফকৰুদ্দিন আলি , ৰেজিয়া খাতুন, জোৱান আলি, জহৰুদ্দিন আলি, বানাচ আলি, চৰিফুদ্দিন আলি, ছাদ্দাম আলি, হামিদ আলি, জলিল আলি, ৰূপশ্বেখ আলি , জয়নুদ্দিন আলি, চামাদ আলি, ছনীয়া খাতুন সংঘৰ্ষত আঘাতপ্ৰাপ্ত হৈ বৰ্তমান হৈ আছে চিকিৎসাধীন । একেদৰে উপ আৰক্ষী অধীক্ষক অমৃতৰাজ চৌধুৰী, উপ পৰিদৰ্শক মনিৰুদ্দিন আহমেদ আৰু নাৰায়ণ শৰ্মাসহ মুঠ ১২ গৰাকী আৰক্ষীৰ লোক আঘাতপ্ৰাপ্ত হৈ তেওঁলোকো চিকিৎসাধীন হৈ থকা বুলি জানিব পৰা গৈছে ।

ধলপুৰৰ চৰকাৰী ভূমি বেদখলমুক্ত কৰাৰ ক্ষেত্ৰত নাচোৰবান্দা প্ৰশাসনে শুকুৰবাৰৰ পৰা ধলপুৰৰ লগতে দাঁতি কাষৰীয়া অঞ্চল সমূহত জাৰি কৰিছে ১৪৪ ধাৰা । ইপিনে ১৪৪ ধাৰা জাৰিৰ মাজতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ নেতৃত্বত এটা সঁজাতি দলে সংঘৰ্ষ জৰ্জৰিত ধলপুৰত উপস্থিত হৈ পৰিস্থিতি পৰ্যবেক্ষণ কৰি শান্তি স্থাপনৰ বাবে সকলোকে জনায় আহ্বান ।

লগতে পঢ়ক:গৰুখুটিৰ হিংসাত্মক ঘটনাত আৰক্ষীসহ আহত 11 গৰাকী GMCH ত চিকিৎসাধীন

ABOUT THE AUTHOR

...view details