দলগাঁও, 2 জুলাই : ৰাজ্য বা বহিঃৰাজ্যতেই সীমাবদ্ধ নাথাকি এইবাৰ বিদেশ পালেগৈ দৰঙৰ নেমুটেঙা (Assam lemon export in London) । বিদেশৰ বজাৰত সমাদৃত হ’ল খাৰুপেটীয়াৰ নেমুটেঙা (Assam Lemon to be Available in London)। এই বাতৰি লাভ কৰি উৎফুল্লিত হৈ অসমৰ থলুৱা কৃষকসকল ৷
যি সময়ত খাৰুপেটীয়াৰ কৃষকে মুৰৰ ঘাম মাটিত পেলাই উৎপাদন কৰা সেউজীয়া শাক-পাচলিৰ উচিত মূল্য নাপাই হাহাকাৰ কৰিবলগীয়া হৈছে ৷ তেনে সময়তে কৃষি প্ৰধান অঞ্চলটোৰ নেমুটেঙাই দখল কৰিবলৈ সক্ষম হৈছে লণ্ডনৰ বজাৰ (Assam lemon exported to London Markets from Darang) ৷
খাৰুপেটীয়াৰ বিহুদিয়া, ঘনশিমুলী গাঁৱৰ এচাম শিক্ষিত যুৱ কৃষকৰ প্ৰচেষ্টাত 4 হাজাৰ কেজি নেমুটেঙা KIEGA EXIMS PVT LTD কোম্পানীৰ জৰিয়তে গুৱাহাটী পৰা বিমানযোগে ৰপ্তানি কৰা হয় লণ্ডনলৈ । খাৰুপেটীয়াৰ বিহুদিয়া গাঁৱৰ প্ৰগতিশীল কৃষক হবিবুৰ ৰহমান, আছাদুল্লা আকণ্ড আৰু ঘনশীমূলী গাঁৱৰ কৃষক জাকিৰ হুছেইনে উৎপাদন কৰা এই উন্নত জাতৰ নেমুটেঙা প্ৰতি কিলো 30 টকা দৰত লণ্ডনত বিক্ৰী কৰা হ’ব ৷