বহিঃৰাজ্যত মৃত্যু দৰঙৰ যুৱকৰ - টাইলচ উদ্যোগ
দৰঙৰ শিয়ালমাৰী গাঁৱৰ সহিদুল ইছলামে কৰ্নাটকৰ এটা টাইলচৰ উদ্যোগত কাম কৰি থকা অৱস্থাত হঠাৎ বৃহৎ এটুকুৰা টাইলচ গাত পৰি ঘটনাস্থলীতে মৃত্যু হয়

কৰ্নাটকত মৃত্যু দৰঙৰ যুৱকৰ
দৰং, 29 আগষ্টঃ বহিঃৰাজ্যত মৃত্যু দৰঙৰ যুৱকৰ৷ টাইলচ উদ্যোগত কাম কৰি থকা অৱস্থাত মৃত্যু হয় সহিদুল ইছলাম নামৰ যুৱকজনৰ ৷ মৃত্যুৰ দুদিন পাচত নিজা গৃহলৈ অনা হয় মৃতদেহ ৷ দৰঙৰ শিয়ালমাৰী গাঁৱৰ সহিদুল ইছলামে কৰ্ণাটকৰ এটা টাইলচৰ উদ্যোগত কাম কৰি থকা অৱস্থাত হঠাৎ বৃহৎ টাইলচৰ টুকুৰা গাত পৰি ঘটনাস্থলীতে মৃত্যু হয় ৷ টাইলচ উদ্যোগটোৰ গাফিলতিৰ বাবেই যুৱকজনে কৰ্মৰত অৱস্থাতে এনেদৰে অকাল মৃত্যুক আঁকোৱালি ল'বলগীয়া হয় বুলি অভিযোগ কৰে পৰিয়াল তথা স্থানীয় লোকে ৷
কৰ্নাটকত মৃত্যু দৰঙৰ যুৱকৰ