অসম

assam

ETV Bharat / state

Assam cricketer achievement:ভাৰতীয় ক্ৰিকেট দলত স্থান লাভ অসমৰ জিন্তি মণি কলিতাৰ - ক্ৰীড়া ক্ষেত্ৰত অসমীয়াৰ সাফল্য

অসমৰ পৰা পোন প্ৰথমবাৰৰ বাবে ভাৰতীয় মহিলা ক্ৰিকেটৰ ১৯ বছৰ অনুৰ্ধৰ দলত স্থান লাভ কৰিছে অসমৰ জীয়ৰীয়ে (Assam girl selected for Indian cricket women team)। ১৯ বছৰ অনুৰ্ধৰ 'বি' দলত স্থান লাভ কৰিছে দৰং জিলাৰ জিন্তি মণি কলিতাই । জিন্তি মণিৰ এই খবৰে গৌৰৱান্বিত কৰিছে সমগ্ৰ অসমবাসীক ।

Assam cricketer achievement
ভাৰতীয় ক্ৰিকেট দলত স্থান লাভ অসমৰ জিন্তি মনি কলিতাৰ

By

Published : Dec 22, 2021, 9:45 PM IST

দৰং,২২ ডিচেম্বৰ :ক্ৰীড়া ক্ষেত্ৰত আন এগৰাকী অসমীয়াৰ সাফল্য । এইবাৰ ক্ৰিকেটৰ মজিয়াত সুনাম অসমৰ কিশোৰীৰ । পোন প্ৰথমবাৰৰ বাবে ভাৰতীয় ক্ৰিকেট দলৰ ১৯ বছৰ অনুৰ্ধৰ মহিলা দলত স্থান লাভ কৰিছে দৰঙৰ জিন্তি মণি কলিতাই (Assam girl selected for Indian cricket women team)। মহিলাৰ ১৯ বছৰ অনুৰ্ধৰ 'বি' দলত স্থান লাভ কৰি উৎফুল্লিত খেলুৱৈগৰাকী ।

মঙ্গলদৈ ক্ৰীড়া সন্থাৰ খেলপথাৰত অনুশীলন আৰম্ভ কৰা জিন্তি মণিয়ে ইতিমধ্যে অসম দলৰ হৈ প্ৰতিদ্বন্দিতা কৰি সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে । শেহতীয়াকৈ চেলেঞ্জাৰ ট্ৰফীটো সুন্দৰ প্ৰদৰ্শন দেখুৱালৈ সক্ষম হৈছে অসমৰ খেলুৱৈগৰাকীয়ে । দ্বাদশ শ্ৰেণীত অধ্যয়নৰত জিন্তি মণিয়ে এনেদৰে প্ৰথমবাৰলৈ ভাৰতীয় দলত স্থান লাভ কৰাৰ লগে লগে এতিয়া দৰঙৰ ৰাইজৰ মাজতো ব্যাপক আনন্দ উল্লাহ । সকলোৱে খেলুৱৈগৰাকীৰ সফল কেৰিয়াৰ কামনা কৰা দেখা গৈছে ।

ভাৰতীয় ক্ৰিকেট দলত স্থান লাভ অসমৰ জিন্তি মণি কলিতা

আনহাতে ইতিমধ্যে বিভিন্ন ৰাজ্যত ক্ৰিকেট খেলৰ জৰিয়তে সফলতা কঢ়িয়াই অনা জিন্তিয়ে চৰকাৰৰ ওচৰত কিছু সহায়ৰ বাবে আবেদন জনাইছে । খেলুৱৈগৰাকীৰ মতে আৰ্থিকভাৱে কিছু সমস্যাত পৰিছে খেলুৱৈগৰাকী । কিন্তু চৰকাৰৰ ফালৰ পৰা আৰ্থিক সাহায্য লাভ কৰিলে ভৱিষ্যতে ইয়াতকৈও বেছি ভাল প্ৰদৰ্শন দেখুৱাব পাৰিব বুলি আশাবাদী জিন্তি মণি কলিতা ।

লগতে পঢ়ক:শ্ৰীলংকাৰ আন্তঃৰাষ্ট্ৰীয় চেম্পিয়নশ্বীপত কোকৰাঝাৰৰ খেলুৱৈৰ স্বৰ্ণ পদক অৰ্জন

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details