দৰং, 16 জানুৱাৰী: অসম গৌৰৱ বঁটাৰে বিভূষিত মঙলদৈৰ উদ্যোগপতি অনুপম ডেকা ৷ অসম চৰকাৰে প্ৰদান কৰা ৰাজ্যৰ সৰ্বোচ্চ অসামৰিক বঁটা 'অসম গৌৰৱ' বঁটা ৰাজ্যৰ অন্যান্য বিশিষ্ট লোকসকলৰ লগতে মঙলদৈৰ উদ্যোগপতি, সমাজকৰ্মী অনুপম ডেকা ওৰফে জোনটিয়ে লাভ কৰাত উৎফুল্লিত হৈ পৰিছে মঙলদৈবাসী ।
উল্লেখ্য, প্ৰয়াত সুনন্দ ৰাম ডেকাৰ কনিষ্ঠ পুত্ৰ অনুপম ডেকাই ঔদ্যোগিক ক্ষেত্ৰখনলৈ অনবদ্য বৰঙণি আগবঢ়োৱাৰ বাবে এই সন্মান লাভ কৰে । পিতৃৰ পৰাই ব্যৱসায়ৰ আদিপাঠ শিকি এগৰাকী সফল উদ্যোগপতিলৈ ৰূপান্তৰিত হৈ এই বঁটা আজুৰি আনিবলৈ তেওঁ সক্ষম হৈছে । বাণিজ্যৰ স্নাতক অনুপম ডেকাই পৰৱৰ্তী সময়ত মেনেজমেণ্ট ট্ৰেইনিং কৰি ১৯৮৯ চনত মঙলদৈৰ চপাইত উদ্যোগ বিভাগৰ সহযোগত এটা আটাৰ মিল স্থাপন কৰি উদ্যোগ ক্ষেত্ৰখনত এখোজ আগুৱাই যায় ।
ব্যৱসায়ত ক্ৰমান্বয়ে অগ্ৰসৰ হোৱা অনুপম ডেকাই পিতৃয়ে ১৯৩৩ চনত মঙলদৈ চহৰত স্থাপন কৰা 'ৰিপোজ' নামৰ চাহৰ হোটেলখনৰ পৰিসৰ বৃদ্ধি কৰি কালক্ৰমত 'ৰিপোজ বেকাৰ্চ স্পেচিয়েল' নামেৰে বৃহৎ পৰিসৰৰ এটা ব্ৰেণ্ড আৰম্ভ কৰি গুৱাহাটীৰ লগতে কেবাখনো ঠাইত বেকাৰী উদ্যোগ স্থাপন কৰে ।
ইয়াৰ লগে লগে উদ্যোগ ক্ষেত্ৰত যথেষ্ট পিছপৰা মঙলদৈৰ দৰে এখন সৰু চহৰত অনুপম ডেকা এগৰাকী অন্যতম সঞ্চালক হিচাপে থকা এছ আৰ ডি গ্ৰুপে আৰম্ভ কৰে এটাৰ পিছত আনটো ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ উদ্যোগ ।