অসম

assam

ETV Bharat / state

ছিপাঝাৰত ভুৱনেশ্বৰ কলিতাই উন্মোচন কৰিলে নিৰ্বাচনী কাৰ্যালয় - মঙলদৈ

কংগ্ৰেছ ক্ষমতাত আহিলে দৰিদ্ৰ পৰিয়ালক বছৰি 72000 টকা দিয়াৰ আচনি দিঠকত পৰিণত কৰিব ৰাহুল গান্ধীয়েঃ মঙলদৈত উপস্থিত হৈ মঙলদৈ লোকসভা সমষ্টিৰ প্ৰাৰ্থী ভুৱনেশ্বৰ কলিতাৰ এই মন্তব্য

ছিপাঝাৰত ভুৱনেশ্বৰ কলিতাৰ দ্বাৰা নিৰ্বাচনী কাৰ্যালয় উন্মোচন

By

Published : Mar 29, 2019, 3:00 PM IST

দৰং, 29 মাৰ্চঃ মঙলদৈ লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ নিৰ্বাচনী কাৰ্যালয় উন্মোচনৰ বাবে বৃহস্পতিবাৰে নিশা ছিপাঝাৰত উপস্থিত হ'ল মঙলদৈ লোকসভা সমষ্টিৰ প্ৰাৰ্থী ভুৱনেশ্বৰ কলিতা ৷

ছিপাঝাৰত ভুৱনেশ্বৰ কলিতাৰ দ্বাৰা নিৰ্বাচনী কাৰ্যালয় উন্মোচন
অনুষ্ঠানত উপস্থিত হৈ প্ৰাৰ্থী গৰাকীয়ে মঙলদৈ লোকসভা সমষ্টিত ১৫ বছৰ বিজেপিয়ে ৰাজত্ব কৰাৰ পিচতো ১৫নং ৰাষ্ট্ৰীয় ঘাইপথটোনিৰ্মাণ কৰিব নোৱাৰিলে বুলি প্ৰশ্ন উত্থাপন কৰে ৷ ইয়াৰোপৰি কংগ্ৰেছ দল ক্ষমতাত আহিলে দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা লোকসকলক বছৰি৭২ হাজাৰ টকা প্ৰদান কৰা হ'ব বুলি কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীয়ে যি ঘোষণা কৰিছে ইয়াৰ ফলত কংগ্ৰেছৰ যি সপোন আছিল "গৰিবী হাতাও" সেই সপোন দিঠকত পৰিণত হ'ব বুলি সভাত মন্তব্য কৰে ভুৱনেশ্বৰ কলিতাই ৷

ABOUT THE AUTHOR

...view details