অনবৰতে হাঁহি থকা ছোৱালীজনীৰ আকাশ চোৱাৰ হেঁপাহ - উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা
সকলো থাকিও যেন অসহায় তাই
অনবৰতে হাঁহি থকা ছোৱালীজনীৰ আকাশ চোৱাৰ হেঁপাহ
দৰং, 27 মেঃ দেহাই নাটানিলেও মনে মনে নামানে৷ দিব্যাঙ্গ হৈয়ো ক্লান্ত হোৱা নাই ছোৱালী জনী। বুকুত অযুত আশা বান্ধি কৰি গৈছে কঠিন সংগ্ৰাম ৷ এই মৰম লগা ছোৱালী জনীৰ নাম ৰূপশিখা নাথ, ঘৰ মঙলদৈৰ জ্যোতি নগৰত। সদ্যঘোষিত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত কলা শাখাত মঙলদৈ ব্ৰিলিয়েন্ট একাডেমীৰ পৰা ৭৩'৬ শতাংশ নম্বৰ লাভ কৰি প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে ৰূপশিখা৷ যাও বুলিও নিজে কতো যাব নোৱাৰা, উঠো বুলিও নিজে উঠি থিয় হব নোৱাৰা ৰূপশিখাৰ সাৰথি একমাত্ৰ বিচনাখনেই ৷ চাওঁক এক প্ৰতিবেদন....