অসম

assam

ETV Bharat / state

দৰঙত এন আৰ চিৰ লিগেচি জালিয়াতি - লিগেচি ডাটা

বদৰ শ্বেখৰ নামৰ এগৰাকী ব্যক্তিৰ "৩২০ -৪০২১-২৪৮২" উক্ত লিগেচি ডাটা এখন দুখন নহয় পাঁচ খনতকৈ অধিক গাঁৱৰ প্ৰায় ১৫ টা পৰিয়ালে ব্যৱহাৰ কৰাৰ তথ্যৰ পোহৰলৈ আহিছে৷

দৰঙত এন আৰ চিৰ লিগেচি জালিয়াতি

By

Published : May 21, 2019, 11:57 PM IST

দৰং, 21 মেঃ কেৱল জন্মৰ প্ৰমান পত্ৰ বা বিদ্যালয়ৰ প্ৰমানপত্ৰই নহয় এইবাৰ খোদ বংশলতাৰ তথ্যকেই চুৰি কৰি ৫০ জনতকৈ অধিক লোকৰ নাগৰিকত্ব অৰ্জনৰ প্ৰচেষ্টা৷ এই ঘটনা দৰঙৰ ছিপাঝাৰৰ পাথৰিঘাট ৰাজহচক্ৰৰ অন্তৰ্গত আঠকুৰীয়া গাঁৱৰ৷

ঘটনা সন্দৰ্ভত জানিব পৰা মতে, বদৰ শ্বেখৰ নামৰ এগৰাকী ব্যক্তিৰ "৩২০ -৪০২১-২৪৮২" উক্ত লিগেচি ডাটা এখন দুখন নহয় পাঁচ খনতকৈ অধিক গাঁৱৰ প্ৰায় ১৫ টা পৰিয়ালে ব্যৱহাৰ কৰাৰ তথ্যৰ পোহৰলৈ আহিছে৷ বদৰ শ্বেখৰ নামৰ ব্যক্তিজনৰ নাতি নৌচাদ আলিয়ে কৰা অভিযোগ অনুসৰি বি টি এডি সোনাজুলি গাঁৱৰ ৪ টা পৰিয়াল, দেওমৰনৈ পোটাপুখুৰী গাঁৱৰ ১টা পৰিয়াল, দেওমৰনৈ পাৰিয়াপাৰা গাঁৱৰ ৩টা , আঠকুৰীয়া গাঁৱৰ ৩টা পৰিয়াল সহ অন্য বিভিন্নস্থানত উক্ত ডাটা ব্যৱহাৰ কৰা বুলি জানিব পৰা গৈছে ।

দৰঙত এন আৰ চিৰ লিগেচি জালিয়াতি

শেহতীয়াকৈ শ্বেখৰৰ নাতি পুতি সকললৈ সঘনাই জাননী অহাৰ পাছতহে সমগ্ৰ তথ্য পোহৰলৈ আহে ৷ মঙলবাৰে পৰিয়ালটোৱে অভিযোগ কৰে যে ভিন্ন প্ৰশাসনিক বিষয়াক অভিযোগ দিয়াৰ পাছতো অদ্যপি কোনো ব্যৱস্থা লোৱা নাই প্ৰশাসনে৷

ABOUT THE AUTHOR

...view details