অসম

assam

ETV Bharat / state

দৰঙত শাক-পাচলিৰ খেতিত অচিন ৰোগ

কৃষকসকলৰ পৰা জানিব পৰা মতে নেৰানেপেৰা বৰষুণৰ ফলত সৃষ্টি হোৱা অচিন ৰোগত আক্ৰান্ত হোৱাৰ বাবে গছতে পচি যাবলৈ ধৰিছে শাক-পাচলিবোৰ । ঔষধ ব্যৱহাৰ কৰিও পৰিত্ৰাণ পোৱা নাই খেতিয়কসকলে ।

By

Published : May 14, 2019, 10:16 AM IST

অচিন ৰোগত আক্ৰান্ত শ-শ বিঘা শাক-পাঁচলি খেতিঃ সৰ্বস্বান্ত কৃষক



দৰং, ১৪ মেঃ দৰঙৰ খাৰুপেটীয়া তথা পাৰ্শ্বৱৰ্তী বিভিন্ন অঞ্চলৰ শাক-পাচলিৰ খেতিত অচিন ৰোগে দেখা দিয়াত সৰ্বস্বান্ত হৈ পৰাৰ দিশত বহু কৃষক পৰিয়াল ।

শাক-পাচলিৰ উৎপাদনৰ ক্ষেত্ৰত সুনাম থকা দৰঙৰ খাৰুপেটীয়া তথা ইয়াৰ পাৰ্শ্বৱৰ্তী বিভিন্ন অঞ্চলৰ বহু শাক-পাচলিৰ খেতি এতিয়া অচিন ৰোগৰ কবলত । কৃষিপ্ৰধান চৰাঞ্চলৰ গাঁওসমূহৰ কৃষকে অশেষ কষ্টৰে তিয়হ, কেৰেলা, বেঙেনাৰ লগতে নানা পাচলিৰ খেতি কৰিছিল । শিয়ালমাৰী গাঁৱৰ কৃষকসকলৰ পৰা জানিব পৰা মতে নেৰানেপেৰা বৰষুণৰ ফলত সৃষ্টি হোৱা অচিন ৰোগত আক্ৰান্ত হোৱাৰ বাবে গছতে পচি যাবলৈ ধৰিছে শাক-পাচলিবোৰ । ঔষধ ব্যৱহাৰ কৰিও পৰিত্ৰাণ পোৱা নাই খেতিয়কসকলে ।

ফলত কষ্টৰ ফল লাভ নকৰাৰ দুশ্চিন্তাত ভাগি পৰিছে কৃষকসকল ৷ কিন্তু কৃষকসকলৰ এই দুখ-দুৰ্দশাৰ প্ৰতি বিভাগীয় বিষয়া-কৰ্মচাৰীৰ গুৰুত্বহীনতাৰ অভিযোগ উত্থাপন হৈছে ৷

ABOUT THE AUTHOR

...view details