অসম

assam

ETV Bharat / state

Flood in Assam 2022: দৰঙৰ বান বিধ্বস্ত অঞ্চল পৰিদৰ্শন মুখ্যমন্ত্ৰী ড৹ শৰ্মাৰ - বিধংসী বান

শনিবাৰে দৰঙৰ বন বিধ্বস্ত অঞ্চল পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (Assam CM visited Flood effected area of Darang)৷ বানাক্ৰান্ত ৰাইজে যাতে থকা-খোৱাৰ ক্ষেত্ৰত কোনো ধৰণৰ সমস্যাৰ সন্মুখীন হ’ব লগা নহয় তাৰ বাবে মুখ্যমন্ত্ৰীগৰাকীয়ে জিলা উপায়ুক্তগৰাকীক কঠোৰ দৃষ্টি নিক্ষেপ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে ৷

Flood in Assam 2022
দৰঙৰ বান বিধ্বস্ত অঞ্চল পৰিদৰ্শন মুখ্যমন্ত্ৰী ড৹ শৰ্মাৰ

By

Published : Jun 18, 2022, 8:37 PM IST

Updated : Jun 18, 2022, 10:18 PM IST

দৰং, 19 জুন :বছৰৰ দ্বিতীয়টো বানত ডুব গৈছে ৰাজ্যৰ অধিকাংশ অঞ্চল (Flood in Assam 2022)৷ এই বানত বিধ্বস্ত হৈছে খেতিপথাৰৰ লগতে আবাসস্থলীও ৷ এক প্ৰকাৰে কুলাই-পাচিয়ে নধৰা হৈছে বন্যাৰ্তৰ দুখ-দুদৰ্শা ৷

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লেখিয়াকৈ বছৰৰ এই দ্বিতীয়টো বিধংসী বানত ডুব গৈছে দৰং জিলাৰ ভিন্ন ক্ষেত্ৰও (Flood in Darang) ৷ এই বানত দৰঙৰ ননৈ আৰু শাকতোলা মথাউৰিৰ এটা অংশ বৰ আঠিয়াবাৰীত ছিগি যায় ৷ যাৰ ফলত প্লাবিত হৈ পৰে সমগ্ৰ অঞ্চলটো ৷ এই বান বিধ্বস্ত অঞ্চলটো শনিবাৰে পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (CM Himanta Biswa Sarma in Darang)৷

বন্যাৰ্তৰ কাষত মুখ্যমন্ত্ৰী ড৹ শৰ্মা

এই বানে ছিগি নিয়া ননৈ আৰু শাকতোলা মথাউৰীটো শীঘ্ৰে নিৰ্মাণ কৰা হ’ব বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে ৷

দৰঙৰ বান বিধ্বস্ত অঞ্চল পৰিদৰ্শন মুখ্যমন্ত্ৰী ড৹ শৰ্মাৰ

লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে বানৰ পাচত শাকতোলা মথাউৰি পকীকৰণৰ কৰি যাতায়তৰ সু-ব্যবস্থা কৰিব বুলিও ৰাইজক আশ্বাস প্ৰদান কৰে ৷ আনহাতে, মুখ্যমন্ত্ৰী ড৹ শৰ্মাই জিলাখনৰ বানাক্ৰান্ত লোকসকলক ক্ষিপ্ৰতাৰে সাহায্য আগবঢ়াবলৈ জিলা উপায়ুক্তক নিৰ্দেশ প্ৰদান কৰে ।

লগতে পঢ়ক :কমলপুৰত বন্যাৰ্তৰ কাষত মুখ্যমন্ত্ৰী ড৹ শৰ্মা

Last Updated : Jun 18, 2022, 10:18 PM IST

ABOUT THE AUTHOR

...view details