দৰং, ৬ নৱেম্বৰ: সদৌ অসম ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদত উত্তাল দৰঙৰ কলাইগাঁও। স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ আগমণৰ প্ৰাক ক্ষণত প্ৰতিবাদ সাব্যস্ত কৰিলে সংগঠন দুটাই। অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি সন্দৰ্ভত চৰকাৰে অসমৰ ৰাইজক চূড়ান্ত প্ৰতাৰণা কৰিছে বুলি অভিযোগ তুলিছে।
স্বাস্থ্য মন্ত্ৰী আৰু ৰঞ্জিত দাসৰ বিৰুদ্ধে কলাইগাঁৱত ক্ষোভৰ উদগীৰণ - হিমন্ত বিশ্ব শৰ্মা
স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ আগমণৰ প্ৰাক ক্ষণত দৰঙৰ কলাইগাঁৱত প্ৰতিবাদৰ জুই। ৰাজপথতে দুয়োগৰাকী বিজেপি নেতাৰ প্ৰতিকৃতি দাহ কৰি ক্ষোভ উজাৰিলে সদৌ অসম ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে।
![স্বাস্থ্য মন্ত্ৰী আৰু ৰঞ্জিত দাসৰ বিৰুদ্ধে কলাইগাঁৱত ক্ষোভৰ উদগীৰণ স্বাস্থ্য মন্ত্ৰী আৰু ৰঞ্জিত দাসৰ বিৰুদ্ধে কলাইগাঁৱত ক্ষোভৰ উদগীৰণ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9451750-334-9451750-1604655147277.jpg)
স্বাস্থ্য মন্ত্ৰী আৰু ৰঞ্জিত দাসৰ বিৰুদ্ধে কলাইগাঁৱত ক্ষোভৰ উদগীৰণ
নিৰ্বাচনৰ পূৰ্বে বিজেপি চৰকাৰে ৰাইজক ভুৱা প্ৰতিশ্ৰুতি দি আভুৱা ভাৰিলে বুলিও ক্ষোভ প্ৰকাশ কৰে প্ৰতিবাদকাৰীয়ে। ড০ হিমন্ত বিশ্ব শৰ্মা আৰু ৰঞ্জিত দাসৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে সংগঠন দুটাৰ নেতা-কৰ্মীয়ে। উল্লেখ্য যে, বৃহস্পতিবাৰে বিয়লি বিজেপিৰ এই দুই নেতাই কলাইগাঁও মহাবিদ্যালয় প্ৰাংগনত বিটিচিৰ ৩৫নং মুদৈবড়ি সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী দিগন্ত বৰুৱাৰ সমৰ্থনত আয়োজন কৰা এক বিশাল ৰাজহুৱা সভাত অংশগ্ৰহণ কৰিব।
লগতে পঢ়ক:ইউ পি পি এলৰ পৰিৱৰ্তন পদযাত্ৰা সমাপ্ত