দৰং, 22 জানুৱাৰীঃআজি দৰং জিলা পুঁথিভৰাল প্ৰেক্ষাগৃহত নৱৰূপত স্বয়ম আঁচনিৰ শুভাৰম্ভণী অনুষ্ঠানটি অনুষ্ঠিত হয় ৷ উক্ত সভা খনত উপস্থিত থাকে সমাজ কল্যাণ মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মৰ লগতে মঙলদৈ লোক সভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়া. বিধায়ক গুৰুজ্যোতি দাসৰ লগতে ছিপাঝাৰ সমষ্টিৰ বিধায়ক বিনন্দ শইকীয়া ৷
এই সভাখনত উপস্থিত হৈ মঙলদৈৰ সাংসদ দিলীপ শইকীয়াই বিপিএফ আৰু কংগ্ৰেছৰ বিৰুদ্ধে বিস্ফোৰক মন্তব্য কৰে ৷ কংগ্ৰেছ আৰু এআইউডিএফৰ মিত্ৰতা অপ্ৰাকৃতিক ।গোপীনাথ বৰদলৈয়ে অসম ৰক্ষাৰ বাবে যি সংকল্প লৈছিল, সেইয়া ভোট বেংক ৰক্ষাৰ স্বাৰ্থত কৰিছিল আৰু তাক এতিয়া কংগ্ৰেছে ভৰিৰে মোহাৰি পেলাইছে । গোপীনাথ বৰদলৈৰ সপোনক চুৰমাৰ কৰি কংগ্ৰেছে মহাপাপ কৰিছে বুলিও মন্তব্য কৰে সাংসদ গৰাকীয়ে ।