মঙলদৈ, ১৫ অক্টোবৰ: বিশিষ্ট গীতিকাৰ, সুৰকাৰ, সংগীত পৰিচালক জয়ন্ত হাজৰিকাৰ ৪৩সংখ্যক মৃত্যু বাৰ্ষিকীত শিল্পীগৰাকীক শ্ৰদ্ধাৰ সুঁৱৰিছে ৰাজ্যবাসীয়ে। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে মঙলদৈতো সাহিত্য সভাৰ উদ্যোগত দৰং জিলা সাহিত্য সভা প্ৰকল্পত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়। পুৱা ১০ বজাৰ পৰা আৰম্ভ হোৱা অনুষ্ঠানটিৰ আঁত ধৰে মঙলদৈ সাহিত্য সভাৰ সম্পাদক কালিন্দ্ৰ বৰুৱাই। মঙলদৈ সাহিত্য সভাৰ উপ-সভাপতি প্ৰবীণ কুমাৰ চহৰীয়াই বন্তি প্ৰজ্বলন কৰে।
মঙলদৈত গণশিল্পী জয়ন্ত হাজৰিকালৈ শ্ৰদ্ধাঞ্জলি - গণশিল্পী জয়ন্ত হাজৰিকা
৪৩সংখ্যক মৃত্যু বাৰ্ষিকীত গণশিল্পী জয়ন্ত হাজৰিকাক স্মৰণ। মৃত্যু বাৰ্ষিকী উপলক্ষে মঙলদৈত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন। মঙলদৈ সাহিত্য সভাৰ উদ্যোগত অনুষ্ঠানৰ আয়োজন।
![মঙলদৈত গণশিল্পী জয়ন্ত হাজৰিকালৈ শ্ৰদ্ধাঞ্জলি মঙলদৈত গণশিল্পী জয়ন্ত হাজৰিকালৈ শ্ৰদ্ধাঞ্জলি](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9184797-630-9184797-1602759940457.jpg)
দৰং জিলা সাহিত্য সভাৰ সম্পাদক গৌতমানন্দ গোস্বামীয়ে জয়ন্ত হাজৰিকাৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰি অনুষ্ঠানটিৰ শুভাৰম্ভণি কৰে। স্মৃতিচাৰণ সভাত সভাপতিত্ব কৰে মঙলদৈ সাহিত্য সভাৰ সভাপতি প্ৰফুল্ল চহৰীয়াই। স্মৃতি চাৰণ সভাৰ পিছতে সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয় আৰু কেইবাগৰাকীও শিল্পীয়ে গণশিল্পীগৰাকীৰ গীত পৰিৱেশন কৰি তেওঁলৈ শ্ৰদ্ধা নিবেদন কৰে। ৩৪ বছৰীয়া চমু জীৱনকালত অসমীয়া ৰাইজৰ হৃদয় চুই যোৱা গীতেৰে অসমৰ সংগীত জগত সমৃদ্ধ কৰি থৈ যোৱা শিল্পীগৰাকীক আজি স্মৰণ কৰিছে ৰাজ্যবাসীয়ে।
লগতে পঢ়ক:চৰকাৰী নীতি নিৰ্দেশনা মানি দূৰ্গা পূজাৰ বাবে সাজু মহানগৰৰ পূজা সমিতি