অসম

assam

ETV Bharat / state

দলগাঁৱত ৩ লক্ষাধিক টকাৰ চোৰাং কাঠ জব্দ - Abdul_Hakim

দলগাঁৱত অবৈধভাৱে কাঠ ফলা মিলত তলা ওলোমালে বন বিভাগে। ৩ লক্ষাধিক টকাৰ চোৰাং কাঠ জব্দ। চেগুন, গমাৰিসহ বহু মূল্যৱান কাঠ জব্দ কৰে অভিযানকাৰী দলটোৱে।

দলগাঁৱত অবৈধ কাঠ ফলা মিলত তলা ওলোমালে বন বিভাগে
দলগাঁৱত অবৈধ কাঠ ফলা মিলত তলা ওলোমালে বন বিভাগে

By

Published : Nov 17, 2020, 5:18 PM IST

দলগাঁও, ১৭ নৱেম্বৰ: দৰঙৰ দলগাঁৱৰ মধুপুৰ গাঁৱত মঙলবাৰে বন বিভাগৰ অভিযান। মঙলদৈ খণ্ড বন বিষয়াৰ নেতৃত্বত চলা অভিযানত লালপুলৰ মধুপুৰ গাঁৱৰ খয়বৰ আলীৰ ঘৰত অবৈধভাৱে চলাই থকা এটা কাঠ ফলা মিলত তলা ওলমাই দিয়ে বন বিভাগে।

দলগাঁৱত অবৈধ কাঠ ফলা মিলত তলা ওলোমালে বন বিভাগে

মিলটোৰ পৰা ৩ লাখৰো অধিক মূল্যৰ চিচু, চেগুন,আৰু গমাৰি কাঠ জব্দ কৰে অভিযানকাৰী দলটোৱে৷ দলগাঁও অঞ্চলত চলি থকা অবৈধ কাঠ ফলা মিলৰ বিৰুদ্ধে পৰৱৰ্তী সময়তো অভিযান অব্যাহত থাকিব বুলি মন্তব্য কৰে বন বিষয়াই।

দলগাঁৱত অবৈধ কাঠ ফলা মিলত তলা ওলোমালে বন বিভাগে

লগতে পঢ়ক:গণ ধৰ্ষণৰ কাণ্ডকলৈ কৰিমগঞ্জ আৰক্ষীৰ সংবাদমেলঃ 12ঘণ্টাত গ্ৰেপ্তাৰ পাঁচ অভিযুক্ত

ABOUT THE AUTHOR

...view details