অসম

assam

ETV Bharat / state

গ্ৰেপ্তাৰ দৰং জিলা পৰিষদৰ উপ-মুখ্য কাৰ্যবাহী বিষয়া - dy co arrested in mangaldoi

বাঘবৰ সমষ্টিৰ অন্তৰ্গত মন্দিয়া ব্লকত ২০১৭-১৮ বিত্তীয় বৰ্ষত পথ নিৰ্মাণৰ নামত আৱণ্টিত হৈছিল ৬৫ লাখ টকা ৷ কিন্তু বিধায়ক পুঁজিৰ আৱণ্টিত ৬৫ লাখ টকাৰ ২৫ লাখ টকাই আত্মসাৎ কৰাৰ অভিযোগ উত্থাপিত হৈছিল । অভিযোগ অনুসৰি দুই খণ্ড উন্নয়ন বিষয়া (block development officer), এজন কনিষ্ঠ অভিযন্তাসহ তিনি নিৰ্মাণ কমিটিৰ কৰ্মচাৰীয়ে আত্মসাৎ কৰিছিল এই বৃহৎ ধনৰাশি ।

dy co arrested
দুৰ্নীতিৰ অভিযোগত গ্ৰেপ্তাৰ দৰং জিলা পৰিষদৰ উপ মুখ্য কাৰ্যবাহী বিষয়া

By

Published : Jul 1, 2021, 4:27 PM IST

দৰং, ১ জুলাই : বিধায়কৰ পুঁজিৰে পথ নিৰ্মাণৰ নামত দুৰ্নীতিৰ (Corruption) অভিযোগ । ৰঙাঘৰত সোমাব পাৰে বাঘবৰ সমষ্টিৰ (Baghbar Constituency) কংগ্ৰেছী বিধায়ক শ্বেৰমান আলী । দুৰ্নীতিত জড়িত থকাৰ অভিযোগত ৬ জন বিষয়া-কৰ্মচাৰী তদন্তৰ আওতালৈ অহাৰ পিছতে বিধায়ক শ্বেৰমান আলী (MLA Sherman Ali) জালত পৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে ।

ইতিমধ্যে তদন্তৰ আওতালৈ অহা বিষয়া-কৰ্মচাৰী কেইগৰাকী ক্ৰমে দুই খণ্ড উন্নয়ন বিষয়া (block development officer) যাদৱ চৌধুৰী আৰু ইউচফুৰ ৰহমান, কনিষ্ঠ অভিযন্তা (Junior engineer) আইনুৰ ৰহমান, নিৰ্মাণ কমিটিৰ সভাপতি মুজাহিদুৰ ৰহমান, শ্বাহজামাল আলী আৰু আব্দুৰ ৰাজ্জাক । প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল চৰকাৰৰ কাৰ্যকালত সংঘটিত হৈছিল এক বৃহৎ কেলেংকাৰী ৷ বাঘবৰ সমষ্টিৰ অন্তৰ্গত মন্দিয়া ব্লকত ২০১৭-১৮ বিত্তীয় বৰ্ষত পথ নিৰ্মাণৰ নামত আৱণ্টিত হৈছিল ৬৫ লাখ টকা ৷

দুৰ্নীতিৰ অভিযোগত গ্ৰেপ্তাৰ দৰং জিলা পৰিষদৰ উপমুখ্য কাৰ্যবাহী বিষয়া

কিন্তু বিধায়ক পুঁজিৰ আৱণ্টিত ৬৫ লাখ টকাৰ ২৫ লাখ টকাই আত্মসাৎ কৰাৰ অভিযোগ উত্থাপিত হৈছিল । অভিযোগ অনুসৰি দুই খণ্ড উন্নয়ন বিষয়া, এজন কনিষ্ঠ অভিযন্তাসহ তিনি নিৰ্মাণ কমিটিৰ কৰ্মচাৰীয়ে আত্মসাৎ কৰিছিল এই বৃহৎ ধনৰাশি । ৪ জুনত মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী শাখাত (Chief minister special vigilance team) ৰুজু হোৱা এক গোচৰৰ ভিত্তিত মঙলবাৰে তিনি স্থানত অভিযান চলোৱা হয় ৷

ছয়গৰাকীৰ ভিতৰৰে এজন দৰং জিলা পৰিষদৰ উপ-মুখ্য কাৰ্যবাহী বিষয়া ইউচুফৰ ৰহমান । মঙলবাৰে মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী শাখাৰ বিষয়াসকল মঙলদৈত উপস্থিত হৈ তেওঁক আটক কৰে । মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী শাখাৰ এই অভিযানত ছয় গৰাকীকৈ বিষয়াক গ্ৰেপ্তাৰ কৰা হৈছে ।

এতিয়া তদন্তৰ আওতালৈ অহাৰ সম্ভাৱনা আছে স্থানীয় বিধায়ক তথা পঞ্চায়তৰ প্ৰতিনিধিসকল । পিছে এই সন্দৰ্ভত বিধায়ক শ্বেৰমান আলীয়ে কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে, সেয়া হ'ব লক্ষণীয় । উল্লেখ্য যে, বাঘবৰ সমষ্টিৰ ১৪ টা পথ নিৰ্মাণৰ নামত সংঘটিত হৈছিল ব্যাপক কেলেংকাৰী ৷

পথ নিৰ্মাণ নকৰাকৈয়ে সমষ্টি উন্নয়ন পুঁজিৰ আৱন্টিত ধন উলিয়াই নিয়াৰ অভিযোগ উত্থাপিত হৈছে ৷ বিধায়ক শ্বেৰমান আলী আহমেদৰ ঘনিষ্ঠ একাংশ লোকৰ সহযোগত আটাইখিনি ধন উলিয়াই নিয়াৰ অভিযোগ উত্থাপন হৈছে ৷ পথৰ কোনো কাম নকৰাকৈয়ে ধন উলিয়াই নিয়া ঘটনাৰ বিৰুদ্ধে বাঘবৰৰ একাংশ লোকে মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী শাখাত দাখিল কৰিছিল অভিযোগ ৷

লগতে পঢ়ক:মোদী মন্ত্ৰীসভা সম্প্ৰসাৰণ: দিল্লীলৈ ৰাওনা হিমন্ত-সোণোৱাল

ABOUT THE AUTHOR

...view details