মঙলদৈ, 6 অক্টোবৰ: আপোনাৰ টেণ্ট হাউচৰ ব্যৱসায় আছে নেকি? নে আপুনি আত্মীয় অথবা ওচৰ-চুবুৰীয়াৰ ঘৰৰ বিবাহ আদি অনুষ্ঠানত হাতে-কামে লাগি ভাল পায়? এতিয়াৰে পৰা অলপ সাৱধান হওক ৷ অলপ নহয়, সতৰ্ক হ’বই লাগিব ৷ অকণমান অসাৱধনতাই জে’লমুখী কৰিব পাৰে আপোনাক ৷ কাৰণ, বাল্যবিবাহত জড়িত টেন্ট হাউচ, চাহ বিলোৱাজনকো কৰা হ’ব জগৰীয়া ৷ তেওঁলোকৰ বিৰুদ্ধেও আইনগত ব্যৱস্থা লোৱা হ’ব ৷ এই খবৰ দিছে দৰং জিলাৰ শিশু সুৰক্ষা বিষয়া গৌতম চহৰীয়াই ৷
শুকুৰবাৰে মঙলদৈ প্ৰেছ ক্লাবৰ উদ্যোগত অনুস্থিত শিশু সুৰক্ষা বিষয়ত এখনি সজাগতা সভাত বক্তব্য আগবঢ়াই চহৰীয়াই কয় যে POCSO আইনে কেৱল নাবালিকাসকলকে নহয়, নাবালক সকলকো সুৰক্ষা দিছে ৷ উক্ত সভাত শিশু সুৰক্ষাৰ লগতে বাল্যবিবাহৰ সন্দৰ্ভতো আলোচনা কৰা হয় ৷ জিলাখনৰ বিভিন্ন প্ৰান্তৰ শতাধিক সাংবাদিক উপস্থিত থকা সভাখনত জিলা শিশু সুৰক্ষা বিষয়া গৌতম চহৰীয়া, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা মনিকংকনা চাংমাই, আছাম ট্ৰিবিউন কাকতৰ কাৰ্যবাহী সম্পাদক প্ৰশান্ত জোতি বৰুৱা, শিশু সুৰক্ষা কৰ্মী ৰফিকুল ইছলাম আদি বিশিষ্ট লোকসকলে সমল ব্যক্তি হিচাবে অংশগ্ৰহণ কৰি বিভিন্ন বিষয়ত বক্তব্য ৰাখে ৷