দৰং,২৫ ফেব্ৰুৱাৰী :পুৰণি কাৰ্যালয়ৰ মোহ এৰিব পৰা নাই দৰং জিলাৰ এগৰাকী চৰকাৰী কৰ্মচাৰীয়ে । যাৰ বাবে বদলি হোৱাৰ পাছতো পুৰণি কাৰ্যালয়লৈ আহি কৰ্ম সম্পাদন কৰিছে কৰ্মচাৰীজনে । এই ঘটনা দৰং জিলা পশুপালন আৰু পশু চিকিৎসা বিষয়াৰ কাৰ্যালয়ৰ (Office of Animal Husbandry and Veterinary Officers)। কৃষ্ণ কান্ত কলিতা নামৰ কৰ্মচাৰীজনৰ ৮ মাহ পূৰ্বেই পদোন্নতিমূলকভাৱে তেজপুৰলৈ বদলি হৈছিল ।
কিন্তু বদলিৰ পাছতো দৰঙৰ পুৰণি কাৰ্যালয়টোলৈ আহি নিতৌ কাম কৰিছে কৰ্মচাৰীজনে । অভিযোগ অনুসৰি তেজপুৰৰ কাৰ্যালয়ৰ পৰা কোনোধৰণৰ ছুটি নোলোৱাকৈ দৰঙৰ পুৰণি কাৰ্যালয়ত বহি নিয়মিতভাৱে কাম চলাই গৈছে কৰ্মচাৰীজনে । ঠিকাদাৰৰ লগত থকা মিতিৰালিৰ বাবেই এনেদৰে কমিচনৰ অংকত কাম কৰাৰ অভিযোগ উঠিছে কৰ্মচাৰীজনৰ বিৰুদ্ধে ।