দৰঙ, নৱেম্বৰ 6 : অসমৰ এগৰাকী প্ৰথিতযশা নাট্যকাৰ, গীতিকাৰ, অভিনেতা তথা পৰিচালক হেমন্ত দত্ত ৷ বিগত কেইবা দশকজুৰি অসমৰ দৰ্শকলৈ বহু কেইখন জনপ্ৰিয় নাটক উপহাৰ দিছে হেমন্ত দত্তই ৷ সেই নাটক সমূহৰ ভিতৰত অন্যতম টাইটানিক, পত্নী, বেদখল, লাজ আদি ৷ গীতিকাৰ হিচাপেও সুনাম আছে হেমন্ত দত্তৰ ৷ কিন্তু বৰ্তমান সময়ত যেন কিছু পৰিমানে অসমৰ ৰাইজে পাহৰি পেলাইছে এইগৰাকী মহান শিল্পীক ৷ কেনে আছে এইগৰাকী যশস্বী শিল্পী, তাকে জানিবলৈ আমি কাষ চাপিছিলো তেখেতৰ ৷
ডিব্ৰুগড়ৰ কানৈ মহাবিদ্যলয়ত পঢ়ি থকা সময়ৰ পৰাই গীত ৰচনা কৰিছিল তেখেতে ৷ অসমীয়া শ্ৰোতাৰ হৃদয়ত সুকীয়া স্থান দখল কৰা প্ৰয়াত শিল্পী জয়ন্ত হাজৰিকাৰ উপৰিও ৰাজেন গোঁহাই, মালবিকা বৰা আদি বহু কেইগৰাকী শিল্পীৰ কণ্ঠত প্ৰাণ পাইছিল হেমন্ত দত্তৰ গীতে ৷ তেখেতৰ কলমেৰে নিগৰিছিল.. মই যি বাটেৰে ওলালো আজি নাহো উভতি, সময় গতিশীল, এই আকাশ বৰ বিশাল, শেৱালি পাহিয়ে কোমল মিচিকি হাঁহিৰে, বুকুভৰা এই তৃষা যে, ক'তেনো আছা মোৰ কলিজাৰ আই আদি বহু সুমধুৰ গীতৰ কথা ৷ তৃতীয় শ্ৰেণীত পঢ়ি থকাৰ সময়তেই অভিনয়েৰে নিজৰ প্ৰতিভাৰ উমান দিছিল হেমন্ত দত্তই ৷ হাইস্কুলত পঢ়ি থকা সময়ত নিজেই একাংকিকা নাট লিখি শ্ৰেষ্ঠ অভিনেতা আৰু নাট্যকাৰৰ সন্মানো লাভ কৰিছিল তেখেতে ৷ তেতিয়াৰ পৰাই তেখেতে নাট্যজগতৰ ক্ৰমে গভীৰতাৰ দিশলৈ গতি কৰিছিল ৷ ভ্ৰাম্যমান, অপেচাদাৰী মঞ্চঅভিনয়ৰ উপৰিও বোলছবিতো অভিনয় কৰিছিল হেমন্ত দত্তই ৷ কিন্তু শাৰিৰীক অসুস্থতাৰ বাবে কিছু পৰিমাণে যতি পৰিছে তেখেতৰ সৃষ্টিত ৷ তথাপিও কিন্তু তেখেত আশাবাদী নতুন নাটক সৃষ্টিৰ বাবে ৷