দলগাঁও,২৭ জুলাই: সোমবাৰে সদৌ অসম সংখ্যালঘু ছাত্র ইউনিয়ন চমুকৈ আমছুয়ে বানাক্ৰান্তক পৰ্যাপ্ত সাহায্য প্ৰদান কৰা,বান আৰু গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ দাবীত দলগাঁৱত এক মানৱ শৃংখল তৈয়াৰ কৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ।
কিনকিনীয়া বৰষুণৰ মাজতেই আমছুৰ দৰং জিলা সমিতিৰ উদ্যোগত দৰঙৰ দলগাঁৱৰ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত এই কাৰ্যসূচী ৰপায়ণ কৰাৰ অন্তত বিভিন্ন শ্ল'গানেৰে দলগাঁও ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়লৈ গৈ চক্ৰ বিষয়া ছমিৰ চৌধুৰীৰ জড়িয়তে বানাক্ৰান্তক পৰ্যাপ্ত পৰিমাণে সাহায্য প্ৰদান কৰা,বানপানী আৰু গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰা,বানপানীৰ স্থায়ী সমাধান সূত্ৰ উলিওৱা আদিকে ধৰি ছয় দফীয়া দাবী সম্বলিত এক স্মাৰক পত্ৰ অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ প্ৰেৰণ কৰে ।