অসম

assam

ETV Bharat / state

দলগাঁৱত লাখ লাখ টকাৰ মুকলি জুৱাঃ নীৰৱ প্ৰশাসন - দলগাঁৱত চলিছে জোৱাৰ মুকলি বেহা

কৰ'ণা মহামাৰীলৈ ভ্ৰূক্ষেপ নকৰি এই সকল জুৱাৰীয়ে গাত গা লগাই চলাইছে অবৈধ জুৱাৰ আড্ডা । এই সন্দৰ্ভত সচেতন ৰাইজে আৰক্ষীক বাৰে বাৰে খবৰ দিয়া পাছতো আজিলৈকে দলগাঁও আৰক্ষীয়ে কোনো পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে একাংশ লোকে ।

Dalgaon in Darrang
Dalgaon

By

Published : Jul 19, 2020, 6:49 PM IST

দলগাঁও, ১৯ জুলাইঃদৰং জিলাৰ দলগাঁৱত চলিছে জুৱাৰ মুকলি বেহা । কৰ'ণা সংক্রমণ ৰোধ কৰিবলৈ চৰকাৰে জাৰি কৰা বিভিন্ন নীতি নিদৰ্শনা যেনে, মাস্ক পৰিধান কৰা,জনসমাগমৰ পৰা দূৰত থকা আদি চৰকাৰৰ নিৰ্দেশনাক বুঢ়া আঙুলি দেখুৱাই দলগাঁৱত দৈনিক অনুষ্ঠিত হৈছে লাখ লাখ টকাৰ জুৱা খেল । দৰং জিলাৰ দলগাওঁ আৰক্ষী থানা অন্তৰ্গত বিলপাৰ,বেছিমাৰী আৰু খাৰপুৰী হাবি অঞ্চলত পুৱাৰ পৰা সন্ধিয়ালৈ চলে জুৱাৰ মুকলি বেহা ।

লগতে পঢ়কঃ31 নং ৰাষ্ট্ৰীয় ঘাইপথত ৪৮ টাকৈ গৰুসহ জব্দ দুখন ট্ৰাক

কৰ'ণা মহামাৰীলৈ ভ্ৰূক্ষেপ নকৰি এই সকল জুৱাৰীয়ে গাত গা লগাই চলাইছে অবৈধ জুৱাৰ আড্ডা । এই সন্দৰ্ভত সচেতন ৰাইজে আৰক্ষীক বাৰে বাৰে খবৰ দিয়া পাছতো আজিলৈকে দলগাঁও আৰক্ষীয়ে কোনো পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে একাংশ লোকে । সেয়ে এই ঘটনাক লৈ সচেতন মহলত এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ আনহাতে এই সন্দৰ্ভত নিজৰ মত প্ৰকাশ কৰে দলগাঁও সমষ্টিৰ আমছু সদস্যই ৷ সংগঠনটোৰ অভিযোগ অনুসৰি,মোটা ধনৰ অংকত মেনেজ হৈছে নেকি আৰক্ষী ?

ছাত্ৰ সংগঠনৰ অভিযোগ

উল্লেখ্য যে, খাৰুপেটিয়া আৰু দলগাঁও থানাৰ অন্তৰ্গত বিভিন্ন অঞ্চলত চলি থকা জুৱাৰ এই ঘাটিসমূহ উচ্ছেদ কৰাৰ ক্ষেত্ৰত সংশ্লিষ্ট আৰক্ষী চকীসমূহে কোনো পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে আমছুৱে ৷ লগতে এই সন্দৰ্ভত দৰং জিলা আৰক্ষীক অৱগত কৰোৱা বুলি জানিবলৈ দিয়ে সংগঠনটোৱে ৷

ABOUT THE AUTHOR

...view details