মঙলদৈ,১৯ ছেপ্টেম্বৰ: আজি দৰঙত জিলা পুথিভঁৰালত 'মোৰ মাটি মোৰ দেশ' অভিযানৰ অংশস্বৰূপে আয়োজিত অমৃত কলহ যাত্ৰাৰ লক্ষ্য আৰু উদ্দেশ্য বিষয়ত এক সজাগতা সভা অনুষ্ঠিত হয় । উক্ত সভাত ভাষণ প্ৰদান কৰি দৰঙৰ জিলা আয়ুক্ত মুনীন্দ্ৰ নাথ ঙাটেয়ে কয় যে 'মোৰ মাটি মোৰ দেশ' অভিযানৰ অংশ হিচাপে সমগ্ৰ দেশৰ লগতে দৰং জিলাতো 'অমৃত কলহ যাত্ৰা' কাৰ্যসূচী গ্ৰহণ কৰা হৈছে ।
এই কাৰ্যসূচীৰ অংশ হিচাপে অহা ২০ ছেপ্টেম্বৰৰ পৰা ১ অক্টোবৰলৈ প্ৰতিখন গাঁও অথবা নিদিষ্ট ৱাৰ্ডৰ প্ৰতিঘৰৰ পৰা এমুঠি মাটি/চাউল সংগ্ৰহ কৰি অমৃত কলহ যাত্ৰাৰ শুভাৰম্ভণি কৰা হ'ব । অহা ২ অক্টোবৰত প্ৰতিঘৰৰ পৰা সংগৃহীত মাটি/চাউল অমৃত কলহত সংগ্ৰহ কৰি গাঁৱৰ ২০০-৩০০ ব্যক্তিয়ে শোভাযাত্ৰা কৰি দিনৰ ১১ বজাত গাঁও পঞ্চায়ত/পৌৰ কাৰ্যালয়ত উপস্থিত হ'ব ।
জিলা আয়ুক্তগৰাকীয়ে তেওঁৰ ভাষণত এইদৰে ৮ অক্টোবৰৰ পৰা ২৮ অক্টোবৰলৈকে খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ পৰা নতুন দিল্লীৰ অমৃত বাটিকালৈকে অমৃত কলহ যাত্ৰাৰ সম্পূৰ্ণ কাৰ্যসূচী সবিস্তাৰে ব্যাখ্যা কৰে । তেওঁ লগতে কয় যে এই কাৰ্যসূচীত ভাৰতৰ বৈচিত্ৰ্যতাৰ মাজৰ ঐক্যৰ মহান বাণী নিহিত হৈ আছে । দৰঙত অমৃত কলহ যাত্ৰা কাৰ্যসূচীৰ সফল ৰূপায়ণ কৰিবলৈ তেওঁ সংশ্লিষ্টসকলোৰে প্ৰতি আহ্বান জনায় । আজিৰ সভাত মুখ্য অতিথিৰূপে ভাষণ প্ৰদান কৰি ছিপাঝাৰ সমষ্টিৰ বিধায়ক ড০ পৰমানন্দ ৰাজবংশীয়ে কয় যে মাটিৰ সৈতে মানুহৰ সম্পৰ্ক অভিন্ন ।