দৰং, 1 ছেপ্টেম্বৰ :ৰাজ্যৰ সমান্তৰালকৈ দৰং জিলাতো ভয়ানক ৰূপ ধাৰণ কৰিছে কোভিড-19য়ে । প্ৰতিদিনে অধিক ব্যক্তিৰ শৰীৰত ধৰা পৰিছে কৰ'ণা ভাইৰাছৰ অৱস্থিতি । এই মুহূৰ্তলৈকে জিলাখনৰ বিভিন্ন প্ৰান্তত 2723জন ব্যক্তি কোভিড-19ত আক্ৰান্ত হৈছে ৷ লক্ষণীয়ভাৱে কোনো ভ্ৰমণ বুৰঞ্জী নথকা বহু কেইজন ব্যক্তিৰ শৰীৰত কোভিড পজিটিভ পোৱা ঘটনাই তীব্ৰ আতংকৰ সৃষ্টি কৰিছে জিলাখনত । অৱশ্যে জিলাখনত এতিয়ালৈকে 2117জন ব্যক্তিক ৰিলিজ দিয়াৰ বিপৰীতে বৰ্তমানো চিকিৎসাধীন হৈ আছে 606জন কৰ'ণা আক্ৰান্ত ৰোগী ।
জিলাখনত উদ্বেগজনকভাৱে বৃদ্ধি পোৱা কৰ'ণা সংক্ৰমণৰ বাবে একাংশ লোক এতিয়াও সজাগ আৰু সচেতন হোৱা নাই ৷ ৰাইজৰ মুখত নাই মাস্ক,পালন কৰা নাই সামাজিক দূৰত্ব ৷ দৰং জিলাৰ দলগাঁও দৈনিক বজাৰত পৰিলক্ষিত এই দৃশ্য ৷ বজাৰৰ বেছি ভাগ দোকানী আৰু গ্ৰাহকে পিন্ধা নাই মাস্ক,মানা নাই কোনো সামাজিক দূৰত্ব ৷ সমান্তৰালকৈ যাত্ৰীবাহী গাড়ীতো বেছিভাগ যাত্ৰীকে পিন্ধা পৰিলক্ষিত নহ'ল মাস্ক ৷ একেদৰেই ফাৰ্মাচী আৰু চেলুনতো দেখা নগ'ল মাস্ক পৰিধান কৰা লোক ৷