মঙলদৈ, 10 জুনঃ মঙলদৈ প্ৰেছ ক্লাৱত বুধবাৰে এখন সংবাদ মেল অনুষ্ঠিত কৰি সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি যুগল কিশোৰ বনিয়াই এনআৰচিৰ লিগেচী তথ্যৰ ভিত্তিত মঙলদৈৰ পিংকুমনি দাসনামৰ লোকজনে ভুৱা জাতিগত প্ৰমাণ পত্ৰৰে অনুসূচিত জাতিৰ সদস্য বুলি পৰিচয় দিয়া কাৰ্যত উদ্বেগ প্ৰকাশ কৰে ।
সংবাদমেলত ছাত্ৰ নেতা গৰাকীয়ে পিংকুমনি দাসৰ পিতৃ উচ্চ বাঙালী সম্প্ৰদায়ৰ আৰু মাতৃ কৈৱৰ্ত সম্প্ৰদায়ৰ বুলি তথ্য সহকাৰে প্ৰকাশ কৰি মাতৃৰ উপাধিৰ সূত্ৰে জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ পৰা চল-চাতুৰিৰে জাতিগত প্ৰমাণ পত্ৰ উলিওৱা বুলি অভিযোগ উথাপন কৰিছে ।
এগৰাকী উচ্চ বাঙালী OBC সম্প্ৰদায়ৰ ব্যক্তি কোনো কাৰণতে অনুসূচিত জাতিৰ লোক বুলি গ্ৰহণ কৰা নহয় বুলি সংবাদমেলত সভাপতি বনিয়াই স্পষ্ট কৰি দিয়ে ।