দৰং, 2 মে’: প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত ব্যাপক হাৰত সংঘটিত হৈছে কেলেংকাৰী ৷ ৰাজ্যৰ কেইবাখনো জিলাৰ পঞ্চায়তে পঞ্চায়তে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত সংঘটিত হোৱা বিয়াগোম কেলেংকাৰীৰ খবৰে শেহতীয়াকৈ দখল কৰিছে বাতৰিৰ শিৰোনাম ৷ এইবাৰ দৰং জিলাত এই আঁচনি ৰূপায়নত বৃহৎ কেলেংকাৰী সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহিছে (PMAY scam in Darrang) ৷
দৰং জিলাত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত বৃহৎ কেলেংকাৰী হৈ থকাৰ অভিযোগ উত্থাপন কৰিছে আম আদমী পাৰ্টীৰ দৰং জিলা সমিতিয়ে ৷ অভিযোগ অনুসৰি পূব মঙলদৈ উন্নয়ন খণ্ডৰ অন্তৰ্গত ওজাগাঁও গাঁও পঞ্চায়তত এই আঁচনিৰ পৰা বঞ্চিত হৈছে প্ৰকৃত হিতাধিকাৰী ৷ প্ৰকৃত হিতাধিকাৰীক বঞ্চিত কৰি আন কাৰোবাৰ নামত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহৰ নামত আৱণ্টিত হোৱা ধন সুমুৱাই দিয়াৰ অভিযোগ উত্থাপন কৰিছে আম আদমী পাৰ্টীয়ে (Scam in PMAY scheme) ৷
এক সংবাদমেলযোগে আপে উত্থাপন কৰা অভিযোগ অনুসৰি ওজাগাঁও পঞ্চায়তৰ নুৰ মহম্মদনৰ নামত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহৰ নামত আৱণ্টিত 32,500 কোটি টকা জালিয়াতিৰে অন্য ব্যক্তিৰ একাউণ্টত সুমুৱাই দিয়াৰ লগতে ফকিৰ আলি আৰু উমেহানি নামৰ হিতাধিকাৰী কেইগৰাকীৰো ঘৰৰ ফটো, জৱকাৰ্ড বেলেগ কাৰোবাৰ নামত ব্যৱহাৰ কৰি ধন হৰলুকি কৰা হৈছে ৷ এই কেলেংকাৰীৰ সৈতে পঞ্চায়ত সভাপতি প্ৰত্যক্ষভাৱে জড়িত থকা বুলি অভিযোগ উত্থাপন কৰিছে আম আদমী পাৰ্টীয়ে ৷