অসম

assam

ETV Bharat / state

মঙলদৈত এআইইউডিএফে প্ৰক্ষেপ কৰিছে দুগৰাকীকৈ প্ৰাৰ্থী ! - mangaldai

এআইইউডিএফ দলে মঙলদৈ সমষ্টিৰ বাবে মতিলাল মণ্ডল আৰু অজয় কুমাৰ ৰয়ক প্ৰাৰ্থীত্ব প্ৰদান কৰাত বিমোৰত পৰিছে দুয়োগৰাকী প্ৰাৰ্থী। মতিলাল মণ্ডলৰ হাতত প্ৰাৰ্থীত্বৰ মূল নথি থকাৰ বিপৰীতে অজয় কুমাৰ ৰয়ৰ হাতত আছে জেৰক্স কপি। এই ক্ষেত্ৰত আমিনুল ইছলামক এই বিষয়ত ফোনযোগে অৱগত কৰাত মতিলাল মণ্ডলকহে দলে মঙলদৈ সমষ্টিৰ বাবে প্ৰাৰ্থীত্ব প্ৰদান কৰিছে বুলি স্পষ্ট কৰি দিয়ে আমিনুল ইছলামে ৷

মঙলদৈত এআইইউডিএফে প্ৰক্ষেপ কৰিছে দুগৰাকীকৈ প্ৰাৰ্থী !
মঙলদৈত এআইইউডিএফে প্ৰক্ষেপ কৰিছে দুগৰাকীকৈ প্ৰাৰ্থী !

By

Published : Mar 12, 2021, 10:12 PM IST

মঙলদৈ, ১২ মাৰ্চ : এআইইউডিএফ দলে মহাজোঁটৰ অংশীদাৰ হোৱাৰ পাচতে মঙলদৈ সমষ্টিত প্ৰাৰ্থীত্ব প্ৰদান কৰাৰ কথা নাছিল যদিও বৰ্তমান দলটোৱে দুজন লোকক সমষ্টিটোত প্ৰাৰ্থীত্ব প্ৰদান কৰিছে ৷ আচৰিত হ'বলগীয়া কথাটো হ'ল যে, এটা সমষ্টিতে এটা দলে দুজন প্ৰাৰ্থীক প্ৰক্ষেপ কৰাৰ পাচতে সমষ্টিটোৰ ৰাইজৰ মাজত এতিয়া ব্যাপক চৰ্চা চলিছে ৷

জানিব পৰা মতে, শেহতীয়াকৈ এআইইউডিএফ দলে মঙলদৈ সমষ্টিৰ বাবে মতিলাল মণ্ডল আৰু অজয় কুমাৰ ৰয়ক প্ৰাৰ্থীত্ব প্ৰদান কৰাত বিমোৰত পৰিছে দুয়োগৰাকী প্ৰাৰ্থী। মতিলাল মণ্ডলৰ হাতত প্ৰাৰ্থীত্বৰ মূল নথি থকাৰ বিপৰীতে অজয় কুমাৰ ৰয়ৰ হাতত আছে জেৰক্স কপি। এই ক্ষেত্ৰত আমিনুল ইছলামক এই বিষয়ত ফোনযোগে অৱগত কৰাত মতিলাল মণ্ডলকহে দলে মঙলদৈ সমষ্টিৰ বাবে প্ৰাৰ্থীত্ব প্ৰদান কৰিছে বুলি স্পষ্ট কৰি দিয়ে আমিনুল ইছলামে ৷

বৰ্তমান এই সমগ্ৰ বিষয়টো ৰিটাৰ্নিং বিষয়াৰ ওপৰত নিৰ্ভৰ কৰিব ৷ কোনগৰাকী প্ৰাৰ্থী প্ৰকৃততে এআইইউডিএফৰ দলীয় প্ৰতীকত নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবলৈ সুযোগ লাভ কৰিব।উল্লেখ্য যে, সমষ্টিটোত ইতিমধ্যে মহাজোঁটৰ ফালৰ পৰা কংগ্ৰেছেও প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে ৷

লগতে পঢ়ক: ডাঃ অপূৰ্ব কুমাৰ শইকীয়ালৈ অসমীয়া ভাষাৰ সাহিত্য অকাডেমী বঁটা

For All Latest Updates

ABOUT THE AUTHOR

...view details