অসম

assam

ETV Bharat / state

ইলিয়াছ আলী গ’ বেক ধ্বনিৰে উত্তাল দলগাঁও - বদৰুদ্দিন আজমল

খাৰুপেটীয়াত এআইডিইউএফ-ৰ সংবাদমেল সম্বোধন ৷ ইলিয়াছ আলী গ’ বেক ধ্বনিৰে উত্তাল দলগাঁও সমষ্টি ৷ সংবাদমেলত স্পষ্ট কৰিলে গ’ বেকৰ অৰ্থ ৷ নিৰ্বাচনৰ পূৰ্বে আৰম্ভ বোকা ছটিওৱা খেল ৷

AIUDF Press meet at dalgaon assam etv bharat news
খাৰুপেটীয়াত এআইডিইউএফ-ৰ সংবাদমেল সম্বোধন

By

Published : Feb 10, 2021, 7:41 AM IST

Updated : Feb 10, 2021, 10:43 AM IST

দলগাঁও,10 ফেব্ৰুৱাৰী:দলগাঁৱত অনুষ্ঠিত এক নিৰ্বাচনী সভাত এআইইউডিএফ প্ৰধান বদৰুদ্দিন আজমলে দিয়া ইলিয়াছ আলী গ’ বেক ধ্বনিৰ পিছতে নতুন বিতৰ্কৰ সূচনা হৈছে ৰাজ্যৰ ৰাজনীতিত ৷ আজমলৰ এনে কাৰ্যত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে দলগাঁৱৰ বিধায়ক ইলিয়াছ আলীয়ে ৷ আলীৰ প্ৰতিক্ৰিয়া প্ৰকাশৰ পিছতে মঙলবাৰে খাৰুপেটীয়াস্থিত দলটোৰ জিলা কাৰ্যালয়ত এক সংবাদমেল অনুষ্ঠিত কৰি বিধায়কগৰাকীক উভতি ধৰে দৰং জিলা এআইইউডিএফে ৷ সংবাদমেলখনৰ জৰিয়তে দলটোৰ দৰং জিলা সমিতিৰ সভাপতি হবিবুৰ ৰহমানে বিষয় সন্দৰ্ভত স্থিতি স্পষ্ট কৰে ৷ ৰহমানৰ মতে "Go Back" ৰ অৰ্থ এনেধৰণৰ-বিগত তিনিবাৰকৈ বিধায়ক হৈ পৰিয়ালৰ লগতে আত্মীয় স্বজনৰ উন্নতি কৰাৰ বাদে সমষ্টিৰ উন্নয়নৰ সৰ্বদিশত ব্যৰ্থ হৈছে তিনিবাৰকৈ বিজয়ী হৈ বিধায়ক পদত অধিষ্ঠিত হোৱা ইলিয়াছ আলী ৷ সেয়ে বিধানসভাৰ পৰা অব্যাহতি ল’বলৈহে আজমলে ব্যৱহাৰ কৰিছে এই গ’ বেক ধ্বনি ৷

খাৰুপেটীয়াত এআইডিইউএফ-ৰ সংবাদমেল সম্বোধন

আনহাতে,সমষ্টিৰ উন্নয়নত ব্যৰ্থ হোৱা বাবে পৰৱৰ্তী বিধায়ক হিচাপে সমষ্টিবাসীয়ে বিচাৰিছে মজিবুৰ ৰহমানক ৷ সেয়ে পৰৱৰ্তী নিৰ্বাচনৰ বাবে এই প্ৰাৰ্থীত্ব প্ৰত্যাশীগৰাকীৰ সমৰ্থনত সমষ্টিটোত আৰম্ভ কৰা হৈছে নিৰ্বাচনী প্ৰচাৰ সভা ৷ ইয়াৰ লগতে হবিবুৰ ৰহমানে জিলাখনৰ মঙলদৈ, ছিপাঝাৰ আৰু কলাইগাঁও সমষ্টি তিনিটা প্ৰয়োজনত এৰি দিবলৈ সাজু যদিও কোনোপধ্যে দলগাঁও সমষ্টি এৰি নিদিয়ে বুলি ইংগিত স্পষ্ট কৰে ৷ উল্লেখ্য যে, সংবাদমেলখনত জিলা সাধাৰণ সম্পাদক মছৰুদ্দিন আহমেদ, ছৈয়দ আলী, কাৰ্যকৰী সভাপতি নুৰ হুছেইন, দলগাঁও সমষ্টিৰ কমিটিৰ সভাপতি ৰফিকুল ইছলাম, সাধাৰণ সম্পাদক নাজিৰ আহমেদ, জিলা যুৱ মৰ্চাৰ সভাপতি মইনুদ্দিন আহমেদ আৰু সাধাৰণ সম্পাদক মিফতাউৰ ৰহমান আদি উপস্থিত থাকে ৷

লগতে চাওকঃমহাজোঁটবন্ধনে বিজেপিৰ কোনোধৰণৰ ক্ষতি নকৰে:সৰ্বানন্দ সোণোৱাল

Last Updated : Feb 10, 2021, 10:43 AM IST

ABOUT THE AUTHOR

...view details