দৰং,২৩ ছেপ্টেম্বৰ :শেহতীয়াকৈ দৰং জিলাৰ ছিপাঝাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ধলপুৰত উচ্ছেদ অভিযান চলাইছে প্ৰশাসনে । চৰকাৰী ভূমিৰ বেদখলকাৰীৰ বিৰুদ্ধে চলোৱা এই অভিযানৰ পাছতে গৃহহীন হৈ পৰিছে বহু লোক । যাৰ বাবে সেইসকলৰ লোকৰ পুনৰ সংস্থাপনৰ দাবীত ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে ।
বিৰোধী নেতাসকলেও চৰকাৰৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ মন্তব্য দিয়া দেখা গৈছে । বহুতে আকৌ চৰকাৰক তীব্ৰ ভাষাৰে সমালোচনাও কৰিছে । ইয়াৰ মাজতে এ আই ইউ ডি এফ (AIUDF) বিধায়িনী দলে মঙলদৈৰ জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ সৈতে উচ্ছেদ সম্পৰ্কে আলোচনাত মিলিত হয় । আলোচনাৰ পাছতে সংবাদমাধ্যমৰ সন্মুখত মন্তব্য প্ৰদান কৰে এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইচলামে । বিধায়কগৰাকীয়ে বিজেপি চৰকাৰক সমালোচনা কৰি কয় যে বিজেপি চৰকাৰে মানৱীয় প্ৰমূল্যবোধ পাহৰি হিটলাৰী শাসন চলাইছে ।