দৰং, 12 মাৰ্চ: 2024 চনৰ লোকসভা নিৰ্বাচনৰ বাবে ৰাজ্যত ব্যাপক হৈ পৰিছে নিৰ্বাচনী প্ৰচাৰ ৷ ইতিমধ্যেই 12খন আসন দখলৰ লক্ষ্যৰে বিজেপিয়ে আৰম্ভ কৰিছে কুচকাৱাজ ৷ সমান্তৰালভাৱে একত্ৰিত হৈছে প্ৰায় 10 টা বিৰোধী ৰাজনৈতিক দল ৷ ইয়াৰ মাজতে বিজেপিৰ মিত্ৰ দল অগপইয়ো চলাইছে প্ৰস্তুতি (Lok Sabha election 2023) ৷
লোকসভা নিৰ্বাচনৰ বাবে গুলী-বাৰুদ সাজু কৰিছে অগপই ৷ এই মন্তব্য বিধায়ক সত্যব্ৰত কলিতাৰ ৷ মঙলদৈ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা অগপৰ কৰ্মকৰ্তা সভাত এই মন্তব্য কৰে সত্যব্ৰত কলিতাই ৷ সভাত উপস্থিত থাকে প্ৰায় তিনি সহস্ৰাধিক অগপ কৰ্মী (AGP executive meeting) ৷
ইফালে, এই কৰ্মকৰ্তা সভাত উপস্থিত থকা মন্ত্ৰী অতুল বৰাই পুনৰ কুকুৰৰ মাংস বিতৰ্ক সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰে (Assam Dog meat controversy) ৷ এয়া এক অদৰকাৰী বিতৰ্ক বুলি উল্লেখ যিবোৰ বিষয়ৰ ওপৰত বিতৰ্ক হ’ব লাগে সেয়া ৰাজ্যখনত হোৱা নাই বুলি মন্তব্য কৰে অতুল বৰাই ৷ লগতে মহাৰাষ্ট্ৰৰ বিধায়কগৰাকীয়ে অসমৰ মানুহে কুকুৰ খায় বুলি কৰা মন্তব্য সমীচিন নহয় বুলিও উল্লেখ কৰে ৷ ইয়াৰ উপৰিও তেওঁ কয় যে অসমত বিভিন্ন জাতি-জনগোষ্ঠীৰ লোক আছে আৰু কিছু লোকে কুকুৰৰ মাংস খায় ৷