অসম

assam

ETV Bharat / state

অসম আন্দোলন ধৰ্মীয় নাছিলঃ দীপাংক নাথ - সদৌ অসম ছাত্ৰ সন্থা

চৰকাৰে ইচ্ছা কৰিলে গুলিয়াই মাৰিব পাৰি; কিন্তু আন্দোলন চলিব । অসম আন্দোলন ধৰ্মীয় নাচিল বুলি কৈ সেয়া CAA আন্দোলনে প্ৰমাণ কৰিছে বুলি কয় সদৌ অসম ছাত্র সংস্থাৰ সভাপতি দীপাংক নাথে ।

AASU MEETING AT DARRANG DIPANKAR KUMAR NATH
অসম আন্দোলন ধৰ্মীয় নাছিলঃ দীপাংক নাথ

By

Published : Nov 8, 2020, 10:43 PM IST

দৰং,8 নৱেম্বৰঃ দৰং জিলা ছাত্ৰ সংস্থাৰ ৰঙামাটি অধিবেশনত অংশগ্ৰহণ কৰি বিদেশী নাগৰিকৰ সমস্যাটো সমাধান নোহোৱা পৰ্যন্ত আন্দোলনৰ পৰা আঁতৰি নাযায় বুলি কয় সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথে ৷ চৰকাৰে ইচ্ছা কৰিলে গুলিয়াই মাৰিব পাৰিব; কিন্তু আন্দোলন চলিব। অসম আন্দোলন ধৰ্মীয় নাচিল বুলি কৈ সেয়া CAA আন্দোলনে প্ৰমাণ কৰিছে বুলি কয় সদৌ অসম ছাত্র সংস্থাৰ সভাপতি দীপাংক নাথে ।

অসম আন্দোলন ধৰ্মীয় নাছিলঃ দীপাংক নাথ

জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক পৰাগ চহৰীয়া আৰু উপ-সভাপতি নিৰঞ্জন শইকীয়াই আঁত ধৰা আৰু সহস্ৰাধিক লোকৰ উপস্থিতিত অধিবেশনত অংশগ্ৰহণ কৰি আছুৰ সভাপতি গৰাকীয়ে কয় যে, বাংলাদেশৰ অৰ্থনীতিয়ে আকাশ চুৱা হলে অসমৰ পৰা বাংলাদেশী সকল উভতি গ’ল হয় । কিন্তু সেয়াটো হোৱা নাই বুলি কৈ চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে ৷

অসম আন্দোলন ধৰ্মীয় নাছিলঃ দীপাংক নাথ
ইপিনে এন আৰ চি সম্পৰ্কেও আছুৰ সভাপতি গৰাকীয়ে বাখ্যা কৰে । তেওঁ কয় যে, এখন শুদ্ধ এন আৰ চি নোহোৱাৰ কাৰণ অসম চৰকাৰ । অসম চৰকাৰৰ সদিচ্ছাৰ অভাৱৰ বাবে এন আৰ চি শুদ্ধকৈ নহ’ল । অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী গৰাকীয়ে প্ৰথম অৱস্থাত এন আৰ চি অফিচলৈ গৈছিল। কিন্তু পিছত গুৰুত্ব নিদিলে । আনকি যি উপায়ুক্ত, আৰক্ষী অধীক্ষকে ভাল কাম কৰিছিল তেওঁলোকক বদলি কৰাহে হ’ল। দৰঙৰ উপায়ুক্ত গৰাকীয়েও ভাল কাম কৰিছিল আৰু তেওঁকো বদলিহে কৰিছিল ।

লগতে পঢ়কঃ ৰাইজৰ দল আৰু এজেপিক ঐক্যবদ্ধ হোৱাৰ আহ্বান কৃষক নেতা ধৈৰ্য কোঁৱৰৰ

ABOUT THE AUTHOR

...view details