মঙলদৈ,11 মাৰ্চঃ অৱশেষত বান্দীয়া চকৰ পৰা মঙলদৈ আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় আছফুলি খাতুনৰ হত্যাকাৰী তথা আছফুলিৰ স্বামী ফৈনুদ্দিন মণ্ডলক । যোৱা সোমবাৰে ৰামহৰিত উদ্ধাৰ হৈছিল আছফুলি নামৰ মহিলাগৰাকীৰ মৃতদেহ ৷ ফৈনুদ্দিনে সাংবাদিকৰ আগত পত্নীক হত্যা কৰাৰ কথা নিজ মুখে স্বীকাৰ কৰে ।
মৃতদেহ উদ্ধাৰৰ দুই দিনৰ ভিতৰত আটক মঙলদৈৰ আছফুলি খাতুনৰ হত্যাকাৰী - মঙলদৈৰ আছফুলি খাতুন
বান্দীয়া চকৰ পৰা মঙলদৈ আৰক্ষীয়ে আটক কৰে আছফুলি খাতুনৰ হত্যাকাৰী স্বামী ফৈনুদ্দিন মণ্ডলক ৷ পাৰিবাৰিক সংঘাতৰ বাবেই পত্নীক হত্যা কৰাৰ কথা স্বীকাৰ কৰে ফৈনুদ্দিন মণ্ডলে ৷

মঙলদৈৰ আছফুলি খাতুনৰ হত্যাকাৰী
মৃতদেহ উদ্ধাৰৰ দুটা দিনৰ ভিতৰত আটক মঙলদৈৰ আছফুলি খাতুনৰ হত্যাকাৰী
পাৰিবাৰিক সংঘাতৰ বাবেই পত্নীক হত্যা কৰাৰ কথা স্বীকাৰ কৰে ফৈনুদ্দিন মণ্ডলে ৷ পত্নীক আঠ মাৰ্চৰ সন্ধিয়াই ৰামহৰিৰ জাৰণিৰ মাজলৈ লৈ গৈ তাত কাপোৰেৰে ডিঙিত চেপি হত্যা কৰি কেঁচুৱাটোক মৃতদেহৰ কাষত থৈ গুচি আহে বুলি কোৱাৰ লগতে হত্যাৰ লগত বেলেগ কোনো ব্যক্তি জড়িত নাই বুলিও জনায় ৷ যদিও হত্যাকাৰী ফৈনুদ্দিনে অকলে ঘটনাটো সংঘটিত কৰা বুলি কৈছে তথাপি ঘটনা সন্দৰ্ভত নিজৰ অভিযান অব্যাহত ৰাখিছে ৷
লগতে পঢ়কঃৰাম হৰিত উদ্ধাৰ মহিলাৰ মৃতদেহঃ স্বামীৰ বিৰুদ্ধে হত্যাৰ সন্দেহ