অসম

assam

ETV Bharat / state

দলগাঁৱত বহুকেইটা দাবীৰে আমছুৰ অৱস্থান ধৰ্মঘট - খাজনাৰ নিৰিখ নিৰ্ধাৰণ

দলগাঁৱত আমছুৰ দুই ঘন্টীয়া অবস্থাত ধৰ্মঘট । আলিকাষ আৰু বেছিমাৰী বজাৰত অবৈধ গৃহ নিৰ্মাণৰ বিৰুদ্ধে এই অৱস্থান ধৰ্মঘট । জিলা উপায়ুক্তক স্মাৰক পত্ৰ প্ৰদান ।

Aamsu Protest at dalgaon
দলগাঁৱত কেইবাটাও দাবীত আমছুৰ অৱস্থান ধৰ্মঘট

By

Published : Nov 3, 2020, 7:26 PM IST

দলগাঁও,3 নৱেম্বৰঃ দলগাঁও ৰাজহ চক্ৰৰ কাৰ্যালয় চৌহদত দৰঙৰ সৰ্ববৃহৎ আলিকাষ ( বালুগাঁও ) আৰু বেছিমাৰী বজাৰত অবৈধ ভাৱে নিৰ্মাণ কৰা গৃহ সমূহ উচ্ছেদৰ দাবীত আমছুৱে দুই ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে।

দলগাঁৱত বহুকেইটা দাবীৰে আমছুৰ অৱস্থান ধৰ্মঘট

বিহুদিয়া আৰু বেছিমাৰী আঞ্চলিক সমিতিৰ সহযোগত দৰং জিলা আমছুৱে বালুগাঁও আৰু বেছিমাৰী সাপ্তাহিক আৰু দৈনিক বজাৰৰ মাটি বেদখল মুক্ত কৰা , অবৈধ ভাৱে নিৰ্মাণ কৰা গৃহ উচ্ছেদ কৰা ,অবৈধ নিৰ্মাণ কাৰ্যত জড়িত থকা ব্যক্তিৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা, বজাৰত খাজনাৰ নিৰিখ নিৰ্ধাৰণ কৰা ফলকৰ ব্যৱস্থা কৰা, বেছিমাৰী-দৈপাম সংযোগী পথ বেদখলমুক্ত কৰি দুয়োকাষে পকী নলা আদি নিৰ্মাণ কৰাৰ দাবীত এই কাৰ্যসূচী ৰূপায়ন কৰে বুলি জানিব পৰা গৈছে ।

তাৰ লগতে উক্ত সমস্যা সমূহ সামাধান কৰাৰ বাবে পাছ দফীয়া দাবী সম্বলিত এক স্মাৰক পত্ৰ দলগাঁও ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ জৰিয়তে জিলা উপায়ুক্তলৈ প্ৰেৰণ কৰে আমছুৱে ৷

লগতে পঢ়কঃ বিটিচিত লিডাৰশ্বিপ নহ’লেও পাৰ্টনাৰশ্বিপত থাকিব বিজেপিঃ ৰঞ্জিত দাস

ABOUT THE AUTHOR

...view details