অসম

assam

ETV Bharat / state

দলগাঁৱত আমছুৰ সাংস্কৃতিক শোভাযাত্ৰা

দলগাঁৱত আমছুৰ ৩৭ তম জিলা অধিৱেশন উপলক্ষে বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰা । এই শোভাযাত্ৰাৰ উদ্বোধন কৰে দলগাঁও ৰাজহ চক্ৰৰ চক্ৰ বিষয়া সমীৰ চৌধুৰীয়ে ।

দলগাঁৱত আমছুৰ সাংস্কৃতিক শোভাযাত্ৰা
দলগাঁৱত আমছুৰ সাংস্কৃতিক শোভাযাত্ৰা

By

Published : Feb 6, 2021, 10:51 PM IST

দলগাঁও, ৬ ফেব্ৰুৱাৰী: দলগাঁও আঞ্চলিক আমছুৰ উদোগত ৬ আৰু ৭ ফেব্ৰুৱাৰীত দুদিনীয়া কাৰ্যসূচীৰে দলগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত কৰা হৈছে দৰং জিলা আমছুৰ ৩৭ তম অধিৱেশন । দৰং জিলা সমিতিৰ ৩৭ তম অধিৱেশনৰ প্ৰথম দিনাৰ কাৰ্যসূচীত পুৱা পতাকা উত্তোলন কৰি শ্বহীদ তৰ্পণৰ অন্তত দিনৰ ১২ বজাত দলগাঁৱৰ ১৫ নং ৰাষ্ট্ৰীয় পথেৰে এক সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয় ।

দলগাঁৱত আমছুৰ সাংস্কৃতিক শোভাযাত্ৰা

এই শোভাযাত্ৰাৰ উদ্বোধন কৰে দলগাঁও ৰাজহ চক্ৰৰ চক্ৰ বিষয়া সমীৰ চৌধুৰীয়ে । বিভিন্ন জাতি-জনগোষ্ঠীৰ বাৰেবৰনীয়া শোভাযাত্ৰাই মুগ্ধ কৰে দলগাঁৱৰ ৰাইজক । জাতি-জনগোষ্ঠীৰ গীত,নৃত্যৰ লগতে গ্ৰাম্য জীৱনৰ কলা কৃষ্টিসমূহ এই শোভাযাত্ৰাৰ মুখ্য আকৰ্ষণ আছিল । বিভিন্ন জাতি-জনগোষ্ঠীৰ গীত, নৃত্য আৰু দৰঙৰ কলা-কৃষ্টিসমৃদ্ধ শোভাযাত্ৰাই অসমলৈ সমন্বয় বাৰ্তা কঢ়িয়াই আনিবলৈ সক্ষম হ'ব বুলি কয় আমছুৰ দৰং জিলা সমিতিৰ সাধাৰণ সম্পাদক মাহবুবুল আলমে । শনিবাৰৰ এই শোভাযাত্ৰাত বিভিন্ন অঞ্চলৰ শতাধিক লোকে অংশ গ্ৰহণ কৰে ।

লগতে পঢ়ক: ইকো-টুৰিজিম সংবৰ্ধনৰ লক্ষ্যৰে মুকলি "প্ৰজেক্ট যাযাবৰ"

ABOUT THE AUTHOR

...view details