অসম

assam

By

Published : Dec 3, 2019, 3:25 AM IST

Updated : Dec 3, 2019, 7:39 AM IST

ETV Bharat / state

কেব' সন্দৰ্ভত আক্ৰাছুৰ সভাপতি প্ৰণৱ নাৰায়ণ কোঁৱৰৰ 'প্ৰতিক্ৰিয়া

নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ নিৰপেক্ষ স্থিতি গ্ৰহণ আক্ৰাছুৰ ৷ দিল্লীত অমিত শ্বাহৰ লগত অনুষ্ঠিত আক্ৰাছুৰ বৈঠকত কোচ ৰাজবংশীসকলৰ জনজাতিকৰণ সন্দৰ্ভতহে আলোচনা কৰাত আগ্ৰহী : প্ৰণৱ নাৰায়ণ কোঁৱৰ

aakrsu reaction about cab
কেব' সন্দৰ্ভত আক্ৰাছুৰ সভাপতি প্ৰণৱ নাৰায়ণ কোঁৱৰৰ 'প্ৰতিক্ৰিয়া

দৰং, 2 ডিচেম্বৰ : নাগৰিকত্ব সংশোধনী বিধেয়কৰ ক্ষেত্ৰত নিৰপেক্ষ স্থিতি গ্ৰহণ কোঁচ ৰাজবংশী সন্মিলনীৰ কাৰ্যকৰী সভাপতি প্ৰণৱ নাৰায়ণ কোঁৱৰৰ ৷ কেব সন্দৰ্ভত তেওঁ কয় যে, যিহেতু সংসদত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে উত্থাপন কৰা কেবৰ খছৰা খনত কি আছে গম নাপায় ৷ গতিকে আক্ৰাছুৱে বৰ্তমান বিধেয়কখনৰ সমৰ্থনো কৰা নাই বা বিৰোধীতাও কৰা নাই ৷ মঙলবাৰৰ সন্ধিয়া 6 বজাত দিল্লীত অমিত শ্বাহৰ লগত আক্ৰাছুৰ বৈঠকৰ পাছতহে কেব সন্দৰ্ভত আক্ৰাছুৰ স্থিতি প্ৰকাশ কৰিব ৷ লগতে কাৰ্যকৰী সভাপতিগৰাকীয়ে কয় যে,কোচ ৰাজবংশীসকলে স্বাধীনতাৰ দিনৰে পৰা বিভিন্ন সমস্যাৰে জৰ্জৰিত হৈ আহিছে ৷ গতিকে দিল্লীত অমিত শ্বাহৰ লগত আয়োজিত বৈঠকত কোচ ৰাজবংশীসকলৰ দীৰ্ঘদিনীয়া দাবী কোচ ৰাজবংশীসকলৰ জনজাতিকৰণ অৰ্থাৎ সাংবিধানিক ৰক্ষা কৱচ ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভতহে আলোচনা কৰিবলৈহে বেছি আগ্ৰহী ৷

'কেব' সন্দৰ্ভত কোঁচ ৰাজবংশী সন্মিলনীৰ কাৰ্যকৰী সভাপতি প্ৰণৱ নাৰায়ণ কোঁৱৰৰ প্ৰতিক্ৰিয়া
Last Updated : Dec 3, 2019, 7:39 AM IST

ABOUT THE AUTHOR

...view details